নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অতিকমেও ১৫ বছৰ বাহাল থাকিব ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ : দিগন্ত কলিতা

কমলপুৰ সমষ্টিৰ চাৰিখন নির্বাচনী সভাত বিধায়ক দিগন্ত কলিতা

নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ এপ্রিল: দিল্লী আৰু দিছপুৰৰ ডাবল ইঞ্জিনৰ চৰকাৰৰ বিকাশৰ অনিৰুদ্ধ যাত্রাই বিজেপিৰ প্ৰতি জনসমর্থন দিনক দিনে বৃদ্ধি হৈছে। ৰাইজৰ এনে সমর্থনৰ বাবেই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপিৰ চৰকাৰখন কমেও ১৫ বছৰ বাহাল থাকিব। কমলপুৰ সমষ্টিৰ শিঙাৰপাৰা, দগাঁও, গোপেশ্বৰ আৰু পানীটেমাত চাৰিখন নির্বাচনী সভাত অংশ লৈ এই মন্তব্য কৰে বিধায়ক দিগন্ত কলিতাই। দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ প্রার্থী দিলীপ শইকীয়াৰ স’তে নির্বাচনী সভাত ভাষণ দি কলিতাই কয় যে দূৰদৃষ্টিসম্পন্ন মুখ্যমন্ত্রী ড° শৰ্মাৰ নেতৃত্বত অসমৰ প্ৰতিটো খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ লোকে সুৰক্ষিত অনুভৱ কৰিছে। বাংলাদেশৰ পৰা ব্যাপক হাৰত চলি থকা বিদেশীৰ আগ্রাসনে খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ জীৱন আৰু জীৱিকাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। এনে অসময়ত ৰাজ্যৰ শাসনৰ গুৰু দায়িত্ব লৈয়ে মুখ্যমন্ত্রী ড° শর্মাই গ্রহণ কৰা বলিষ্ঠ পদক্ষেপে বিজেপিক এতিয়া গণমুখী ৰাজনৈতিক দলৰূপে প্রতিষ্ঠিত কৰিছে। এতিয়া বিজেপিক প্রতিহত কৰিব পৰা কোনো বিৰোধী দল নাই বুলি মন্তব্য কৰি কলিতাই কয় যে কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহৰ সাংগঠনিক ভেটি দিনক দিনে দুৰ্বল হৈছে। ইয়াৰ বিপৰীতে বিজেপিৰ ভেটি শক্তিশালী হৈছে। ফলত দিলীপ শইকীয়াই তিনি লাখৰো অধিক ভোটত জয়লাভ কৰি অভিলেখ গঢ়িব বুলি কয় কলিতাই। নির্বাচনী সভাত অগপৰ প্রাক্তন বিধায়ক সত্যব্রত কলিতা, কিশোৰ কুমাৰ ভট্টাচাৰ্য প্ৰমুখ্যে স্থানীয় নেতাসকল উপস্থিত থাকে।

You might also like