নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ১১ এপ্রিল, চ’ত মাহৰ ২৮ তাৰিখ
বৃহস্পতিবাৰ : তিথি– শুক্লা তৃতীয়া, নক্ষত্র : ভৰণী, যাত্রা : শুভ

মেষ : বিদেশ ভ্রমণৰ যোগ দেখা যায় যদিও সাৱধানে যোৱাই উচিত৷ পিতৃৰ অনুকূল৷ শুভ ৰং হালধীয়া৷

বৃষ : শিল্পকলাদিত আগ্রহ বৃদ্ধি৷ চাকৰিয়ালৰ মধ্যম৷ ঘৰুৱাত কিছু পৰিমাণে অস্থিৰতা থাকিব৷ প্রেমত অশান্তি৷ শুভ ৰং সেউজীয়া৷

মিথুন : ঘৰুৱাত কিছু পৰিমাণে অস্থিৰতা থাকিব৷ ৰাজনীতিত থকা লোকসকলৰ সময়খিনি কঠিন৷ প্রেমত মধ্যম৷ শুভ ৰং ক’লা৷

কর্কট : ব্যয় বহুত হ’ব৷ শৰীৰ ঠিকেই থাকিব৷ বিদ্যাত ভাল দেখা নাযায়৷ চেষ্টাৰ দৰকাৰ৷ প্রেমত মধ্যম৷ শুভ ৰং পার্পুল৷

সিংহ : ব্যৱসায়ত পূর্বতকৈ ভাল ক’ব পৰা যায়৷ নতুন কোনো আঁচনি হাতত নোলোৱাই ভাল৷ প্রেমত মধ্যম৷ শুভ ৰং নীলা৷

কন্যা : আইনী সমস্যা সমাধান হ’ব৷ ঘৰত অশান্তি সৃষ্টি হ’ব পাৰে৷ বিদ্যাত বৰ ভাল বুলি ক’ব পৰা নাযায়৷ প্রেমত শুভ৷ শুভ ৰং মেৰুণ৷

তুলা : দিনটোত আর্থিক দিশত আয়–ব্যয় সমান৷ সন্তানৰ শৰীৰ সম্পর্কে সচেতন থাকক৷ কর্মপ্রার্থীয়ে ধৈর্যৰে কাম হাতত লোৱা ভাল৷ শুভ ৰং ছিলভাৰ৷

বৃশ্চিক : মাতৃৰ শৰীৰক লৈ চিন্তা হ’ব পাৰে৷ সামাজিক কিবা কামত জড়িত হ’ব পাৰে৷ বন্ধুবর্গৰ পৰা অকৃত্রিম সহায় লাভ কৰিব৷ শুভ ৰং সেউজীয়া৷

ধনু : স্বাস্থ্য ঠিকেই থাকিব৷ নিকটাত্মীয়ৰ আৰোগ্য লাভ৷ প্রেমত বাধা৷ পত্নীৰ সহযোগ লাভ কৰিব৷ প্রেমত অশান্তি৷ শুভ ৰং ৰঙা৷

মকৰ : পাৰিবাৰিক শান্তি অব্যাহত থাকিব৷ ব্যৱসায়ত ধন বিনিয়োগ কৰিলে সাৱধান হ’ব৷ প্রেমত ভাল ফল বুলি ক’ব নোৱাৰি৷ প্রেমত সাৱধান, বিশ্বাসঘাতকতাৰ সন্মুখীন হ’ব পাৰে৷ শুভ ৰং বগা৷

কুম্ভ : ওচৰ–চুবুৰীয়াৰ লগত বিবাদ হোৱাৰ আশংকা আছে৷ ভ্রমণ নকৰিব৷ পদোন্নতিৰ সম্ভাৱনা আছে৷ ভ্রমণত কষ্ট৷ প্রেমত অশুভ৷ শুভ ৰং সোণালী৷

মীন : কর্মত স্বীকৃতি লাভ আৰু সুনাম বৃদ্ধি৷ আর্থিকত ভাল। দিনটোত দাম্পত্যত সংঘাত৷ মাতাৰ শৰীৰ ভাল নহয়৷ শুভ ৰং সেউজীয়া৷

You might also like