নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিমাকুছি শংকৰদেৱ শিশু নিকেতনত গীতা জয়ন্তী উদযাপন

নিয়মীয়া বাৰ্তা,  ২২ ডিচেম্বৰ : হিন্দুসকলৰ পবিত্ৰ ধৰ্মগ্ৰন্থ হিচাপে পৰিচিত গীতাৰ মাহাত্ম্য বিশ্ববাসীৰ সন্মুখত দাঙি ধৰাৰ প্ৰয়াসেৰে ২২ ডিচেম্বৰৰ দিনটো দেশজুৰি গীতা জয়ন্তী হিচাপে পালন কৰা হয় ৷ ভগৱান শ্ৰী কৃষ্ণই অৰ্জুনক মাৰ্গদৰ্শন কৰা বাণী সন্নিৱিষ্ট গীতাৰ প্ৰতিটো শ্লোকৰ তত্ত্ব ৰাইজৰ আগত দাঙি ধৰাই এই জয়ন্তীৰ মুখ্য উদ্দেশ্য আৰু এই উদ্দেশ্যৰে বিদ্যাভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি অসমৰ অধীনৰ প্ৰতিখন শংকৰদেৱ শিশু নিকেতনতে আজি দিনজোৰা কাৰ্যসূচীৰে গীতা জয়ন্তী উদ্‌যাপন কৰা হয় ৷ তেজপুৰ বিভাগৰ ওদালগুৰি জিলাৰ ওদালগুৰি সংকুলৰ অন্তৰ্গত ওদালগুৰি, মাজবাট, ধনশ্ৰীঘাট, খৈৰাবাৰীকে ধৰি প্ৰতিখন শংকৰদেৱ শিশু নিকেতনৰ লগতে ডিমাকুছি শংকৰদেৱ শিশু নিকেতনতো আজি দিনজোৰাকৈ পালন কৰা হয় গীতা জয়ন্তী ৷ শুকুৰবাৰে পুৱা নিকেতনৰ প্ৰধান আচাৰ্য্য অনাথ কীৰ্ত্তনীয়াৰ নেতৃত্বত ছাত্ৰ- ছাত্ৰী ,অভিভাৱক আৰু আচাৰ্য্য-ৰ্আচাৰ্য্যাসকলে ধৰ্মগ্ৰন্থ গীতা লৈ গীতা শ্লোক মাতি নিকেতনৰ পৰা ডিমাকুছি চহৰৰ মাজমজিয়ালৈ প্ৰায় দুই কিলোমিটাৰ শোভাযাত্ৰা উলিয়ায় ৷ শোভাযাত্ৰাৰ এই সময়ছোৱাত সমগ্ৰ ডিমাকুছি অঞ্চলটোতে এক আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰে ৷ শোভাযাত্ৰাৰ অন্তত নিকেতনৰ বাকৰিত স্থানীয় পাঠকক নিমন্ত্ৰণ কৰি গীতা পাঠ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা বিভিন্ন ধৰণৰ ভক্তিমূলক গীত আৰু নৃত্যও প্ৰদৰ্শন কৰা হয় ৷

প্ৰেৰক পিংকু কলিতা

You might also like