নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীত বিকল ১০৮ সেৱাৰ এম্বুলেঞ্চ নৌকা : দুমাহ ধৰি বিকল নৈশ্য ১০৮ সেৱাৰ ফেৰী

নিয়মীয়া বাৰ্তা, ১৪ জুন : স্বাস্থ্যখণ্ডত অতি পুতৌলগা মাজুলী জিলাত , গড়মূৰত জিলা চিকিৎসালয়, ৩০খন বিচনাযুক্ত কমলাবাৰী প্ৰাথমিক চিকিৎসালয়, জেংৰাইমূখ আদৰ্শ চিকিৎসালয়কে ধৰি বহুতো ৰাজ্যিক চিকিৎসালয় আৰু স্বাস্থ্য উপকেন্দ্ৰ আছে যদিও চিকিৎসালয় সমুহত পৰ্যপ্ত চিকিৎসক, স্বাস্থ্যকৰ্মী আৰু সা-সুবিধাৰ অভাবত মাজুলীবাসীয়ে সাধাৰণ অসুখতে চিকিৎসাৰ বাবে যোৰহাট আৰু ডিব্ৰুগড়ৰ চিকিৎসকৰ ওপৰত নিৰ্ভৰ কৰিব লাগে । সেয়ে চৰকাৰে মাজুলীৰ ৰোগীৰ সুবিধা হোৱাকৈ স্বাস্থ্যবিভাগৰ ১০৮ সেৱাৰ অধিনত চাৰিখনকৈ নৌকা এম্বুলেঞ্চ জৰুৰী ৰোগী পাৰ হবৰ বাবে মাজুলী-নিমাতীৰ মাজত ব্যৱস্থা কৰিছে । এই সেৱাৰ জড়িয়তে বহুতো মুমুৰ্ষ ৰোগী জৰুৰীভাবে যোৰহাটলৈ পাৰ কৰি উন্নত চিকিৎসাৰ দ্বাৰা অৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে । চৰকাৰে মাজুলীবাসীক উন্নত চিকিৎসা সেৱাৰ ব্যৱস্থা কৰিব নোৱাৰি কেইবছৰমান পূৰ্বে নৈশ নৌকা এম্বুলেঞ্চ সেৱাৰ ব্যৱস্থা কৰে । এই ব্যৱস্থাই মাজুলীবাসীক অধিক উপকৃত কৰিছিল । কিন্তু শেহতীয়াকৈ নৈশ নৌকা এম্বুলেঞ্চ প্ৰায় দুমাহ ধৰি বিকলহৈ নৈৰ বালিচৰত পৰি আছে । ইয়াৰোপৰি দুখনকৈ দিনৰ সময়ত চলা এম্বুলেঞ্চো বিকল হৈ আছে । ফলত দিন-ৰাতি দুয়োসময়তে মাজুলীবাসীয়ে এম্বলেঞ্চ নৌকাৰ বাবে সমস্যাত পৰিছে । শেহতীয়াকৈ মাজুলী জিলা প্ৰশাসনে ব্ৰহ্মপুত্ৰত অলপ পানী বৃদ্ধি হলেই মাজুলী-নিমাতীৰ মাজত ফেৰী চলাচল বন্ধ কৰি দিয়াটো নিয়মত পৰিণত হোৱাৰ বাবে ৰোগীসকল এম্বুলেঞ্চ নৌকাৰ ওপৰতে নিৰ্ভৰ কৰিব লগা হৈছে । ইফালে তিনিখনকৈ নৌকা এম্বুলেঞ্চ বিকলহৈ থকাত ৰোগী অনুপাতে চাহিদা পুৰোৱাত ব্যৰ্থ হৈছে । সেয়ে মাজুলীবাসীয়ে প্ৰায় দুমাহ ধৰি বিকলহৈ থকা নৈশ্য নৌকা এম্বুলেঞ্চ খনৰ লগতে বাকী দুখন ১০৮ সেৱাৰ নৌকা মেৰামতি কৰি সুচল কৰিবলৈ চৰকাৰক দাবী জনাইছে।

প্ৰেৰক প্ৰাঞ্জল খাউণ্ড

You might also like