নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অইলৰ চিভিল বিষয়াৰ চহী-ষ্টাম্প জাল কৰি চুৰি কৰা লোহা জব্দ কৰিলে অইল নিৰাপত্তা বিভাগে

নিয়মীয়া বাৰ্তা, ১৪ জুনঃ অইল ইণ্ডিয়া লিমিটেডৰ চিভিল বিভাগৰ বিষয়াৰ হস্তাক্ষৰ আৰু ষ্টাম্প জাল কৰি উৎপাদনী কাৰ্যত ব্যৱহৃত লক্ষাধিক মূল্যৰ চুৰি লোহাৰ ৰ’ড আজি পুৱাভাগত অইল নিৰাপত্তা বিভাগে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। অইল নিৰাপত্তা বিভাগৰ বিষয়া গোপাল বৰাৰ নেতৃত্বত যোৱা এটা নিৰাপত্তাৰক্ষী দলে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই আজি পুৱা প্ৰায় ৯ বজাত ডেইলী বজাৰ সমীপৰ অইলৰ ৬৩ নম্বৰ খাদ ( NHK) ৰ জংঘলৰ পৰা উদ্ধাৰ কৰিছে আটাইখিনি চুৰি সামগ্ৰী । উল্লেখযোগ্য যে যোৱা ২৮ মে’ৰ দিনদুপৰতে হৰপাল সিং নামৰ অইলৰ উপ ঠিকাদাৰ গৰাকীয়ে ভুৱা গেট পাছ দেখুৱাই দুলীয়াজান কেন্দ্ৰীয় নামঘৰৰ সমীপৰ ৩০৮ নম্বৰ ৰ’ড পামৰ (ঢেকী খাদ) পৰা ৩০ ফুটীয়া ৩৫ ডাল ৰ’ড অইলৰ ৱৰ্কশ্বপলৈ বুলি লৈ গৈছিল । হৰপালে তিনিখন ঠেলা ব্যৱহাৰ কৰি লৈ যোৱা লোহাখিনি অইলৰ ৱৰ্কশ্বপৰ পৰিবৰ্তে এলেকাটোৰ বাহিৰত অৱস্থিত ট্ৰাক ষ্টেণ্ডলৈ কঢ়িয়াই তাৰে এখন বাকচযুক্ত ট্ৰাকত লোহাৰখিনি উঠাই উধাও হোৱা বুলি অইল নিৰাপত্তাৰক্ষীয়ে ঘটনাৰ বিষয়ে জানিবলৈ দিছিল। অইলৰ সামগ্ৰী চুৰি ঘটনাৰ সন্দৰ্ভত অইল নিৰাপত্তাৰক্ষীয়ে উপ ঠিকাদাৰ গৰাকীৰ বিৰুদ্ধে দুলীয়াজান আৰক্ষী থানাত লগে লগে এজাহাৰো দাখিল কৰে। এজাহাৰৰ ভিত্তিত দুলীয়াজান আৰক্ষীয়ে অভিযুক্ত হৰপালৰ সন্ধানত নামি পৰে যদিও আজি পৰ্যন্ত পলাতক হৰপালৰ শুংসূত্ৰ লাভ কৰা নাই । ইফালে অইল নিৰাপত্তাৰক্ষীয়ে নিজাববীয়াকৈ অনুসন্ধান চলাই চুৰি সামগ্ৰীখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অইল নিৰাপত্তাৰক্ষীৰ সূত্ৰ অনুসৰি উক্ত চুৰি মূল্যবান সামগ্ৰীখিনি বহিঃৰাজ্যত বিক্ৰী কৰাৰ অপচেষ্টা চলাইছিল যদিও সংবাদ মাধ্যমৰ হৈ চৈ লগতে আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ জাল ফালি সামগ্ৰী খিনি বহিঃৰাজ্যলৈ মোকলাই নিবলৈ সক্ষম নহ’ল চুৰি চক্ৰটোৱে ।

প্ৰেৰক কৃষ্ণা গগৈ

You might also like