উৰুকাত মাছৰ মূল্য নির্ধাৰণৰ বাবে জিলা আয়ুক্তক নির্দেশ
আগন্তুক উৰুকা আৰু মাঘ বিহুৰ সময়ছোৱাত মৎস্য ব্যৱসায়ীসকলে যাতে জধে–মধে মাছৰ দাম আদায় কৰিব নোৱাৰে, তাৰ প্রতি লক্ষ্য ৰাখি মীন বিভাগে জিলা আয়ুক্তসকলক নিজ নিজ জিলাত মাছৰ মূল্য নির্ধাৰণৰ বাবে নির্দেশ দিছে৷
মীন বিভাগৰ সচিব ড০ কাব্যশ্রী মহন্তই এক জৰুৰী নির্দেশযোগে (ইচিএফ নং ই ৬০২৪৮১/১/১৩৮৫৬২৫/২৬) জিলা আয়ুক্তসকলক মাছৰ মূল্য নির্ধাৰণৰ বাবে যাৱতীয় জৰুৰী ব্যৱস্থা গ্রহণ কৰি তাৰ প্রতিবেদন দাখিল কৰিবলৈও নির্দেশ দিছে৷
তদুপৰি বিক্রেতাসকলে নির্ধাৰিত মূল্য অনুসৰি মাছ বিক্রী কৰিছে নে নাই সেয়া পৰীক্ষা কৰিবলৈ সমগ্র জিলাত নিৰীক্ষকৰ দল গঠন কৰিবলৈও নির্দেশ দিয়া হৈছে৷ চৰকাৰী নির্দেশনাটোত মীন বিভাগৰ মন্ত্রীৰ নির্দেশ অনুসৰি এই ব্যৱস্থা গ্রহণ কৰা হৈছে বুলি কোৱা হৈছে৷
ডিজিটেল ডেস্ক, ৭ জানুৱাৰী
লগতে এইটোও পঢ়ক — নিজম পৰিল অসম গ্ৰন্থমেলাৰ বাকৰি