খানাপাৰাত অসম গ্ৰন্থমেলা-ত ১৪ দিনত ৭.৪০ কোটি টকাৰ গ্রন্থ বিক্রী
ন্থমেলাৰ সামৰণী সভাতে সাহিত্যিক ড০ দীপক কুমাৰ বৰকাকতিক ‘ঐশ্বর্য’ উপন্যাসৰ বাবে অসম প্রকাশন পৰিষদ সাহিত্য বঁটা–২০২৫ প্রদান কৰা হয়৷ এই বঁটাত আছে ৫ লাখ টকা, অংগবস্ত্র, মানপত্র আৰু মূল্যৱান কিতাপৰ টোপোলা
সাহিত্য–সংস্কৃতি, নাটক–ইতিহাসৰ এলানি বর্ণিল কার্যক্রমণিকাৰে আয়োজন কৰা ১৪ দিনীয়া অসম গ্রন্থমেলা, গুৱাহাটীৰ সফল সামৰণি ঘটাই নিজম পৰিল খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰ৷
এই ১৪ দিনত ৭ কোটি ৪০ লাখ টকাৰ কিতাপ বিক্রীৰ অভিলেখ ৰচনাৰে অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাই যৌথভাৱে আয়োজন কৰা গ্রন্থমেলাৰ সামৰণি পৰে৷
গ্রন্থমেলাৰ সামৰণি উপলক্ষে এক সামৰণী অনুষ্ঠানো অনুষ্ঠিত হয়৷ সামৰণী সভাত মুখ্য অতিথিৰ আসন শুৱনি কৰে শিক্ষামন্ত্রী তথা অসম প্রকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে৷ নিজৰ ভাষণত মন্ত্রীগৰাকীয়ে কয়– গীতৰ সভাত যেনেদৰে শ্রোতাই প্রধান অলংকাৰ, তেনেদৰে গ্রন্থমেলাত পঢ়ুৱৈয়ে প্রধান অলংকাৰ৷ গ্রন্থমেলাত কিতাপ বিক্রীৰ পৰিসংখ্যাই আনন্দ দিছে৷ মই সদায়ে কৈ আহিছোঁ যে কিতাপ পঢ়া মানুহৰ সংখ্যা কমা নাই৷ কাৰণ মানুহে জ্ঞানৰ সাধনা কৰে৷ প্রজ্ঞাৰ সাধনা কৰে৷
জ্ঞান বা প্রজ্ঞাৰ মূল আধাৰ কিতাপ৷ অৱশ্যে বহুতে ই–বুক পঢ়িবলৈ লৈছে৷ তথাপি পঢ়ুুৱৈৰ সংখ্যা কমা নাই৷ তেওঁ লগতে কয় যে কৃত্রিম বুদ্ধিমত্তাৰ লগতে আৱেগিক বুদ্ধিমত্তাৰো প্রয়োজন আছে৷ প্রশান্তিৰ বাবে, মানসিক সন্তুলনৰ বাবে গান শুনা আৰু কিতাপ পঢ়াৰ প্রয়োজন ৷ কিতাপ পঢ়ি আমি প্রশান্তি আৰু প্রেৰণা লাভ কৰিব পাৰোঁ৷ সেয়ে গ্রন্থ আন্দোলনৰ প্রয়োজন আছে৷
অসম প্রকাশন পৰিষদে অনাগত সময়তো উৎসাহেৰে গ্রন্থমেলা আয়োজন কৰিব বুলি আশ্বাস প্রদান কৰে শিক্ষামন্ত্রী তথা অসম প্রকাশন পৰিষদৰ অধ্যক্ষ ডাঃ পেগুৱে৷
সভাত সন্মানীয় অতিথিৰ আসন শুৱনি কৰে সাহিত্য অকাডেমি সন্মানপ্রাপক ওড়িশাৰ বিশিষ্ট সাহিত্যিক পাৰমিতা শতপথীয়ে৷ তেওঁ কয়– ‘অসমত গ্রন্থক কেন্দ্র কৰি যি উৎসৱ উদযাপিত হৈছে এয়া দেখি অভিভূত হৈ পৰিছোঁ ৷ এই পৰিৱেশে নিশ্চিতি প্রদান কৰিছে যে গ্রন্থ কোনোদিনে শেষ হৈ নাযায়৷ অসম গ্রন্থমেলাত অংশগ্রহণ কৰি আনন্দিত হৈছোঁ৷’
অসমক দেশৰ ভিতৰতে মনোৰম প্রাকৃতিক সৌন্দর্যৰ অন্যতম ৰাজ্য বুলি অভিহিত কৰি তেওঁ কয় যে ব্রহ্মপুত্র নদীয়ে অসমক জীৱনীশক্তি প্রদান কৰিছে৷ ইয়াৰ মানুহ, সাহিত্য–সংস্কৃতি, খাদ্যাভ্যাস আৰু বেশভূষা অতি আকর্ষণীয়৷ অসমৰ জ্ঞান চর্চাৰো ঐতিহাসিক সুনাম আছে৷ সেইবাবেই অসমৰ সাহিত্য–সংস্কৃতি উন্নতমানৰ৷ তেওঁ অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মর্যাদা লাভ কৰাৰ বাবে অসমবাসীক অভিনন্দন জনাই কয়– ‘অসমীয়া আৰু উড়িয়া ভাষাৰ মিল আছে৷ দুয়োটা ভাষাৰ প্রাচীনতম উৎসতে এই মিল ৰৈছে৷ উড়িয়াৰ পৰা অসমীয়া আৰু অসমীয়াৰ পৰা উড়িয়ালৈ অধিক অনুবাদ হ’লে দুয়োটা ভাষা সমৃদ্ধ হ’ব৷’
সভাখনত বিশিষ্ট অতিথিৰূপে অংশগ্রহণ কৰি বিশিষ্ট সাহিত্যিক–সাংবাদিক, পদ্মশ্রী অৰূপ কুমাৰ দত্তই ভাষণ প্রসংগত কয় যে অসম গ্রন্থমেলা এতিয়া কলিকতা গ্রন্থমেলাৰ সমতুল্য হৈছে৷ ইয়াৰ দৃশ্যপট আৰু কিতাপ বিক্রীৰ পৰিসংখ্যাই এয়া প্রতিপন্ন কৰিছে৷ এয়া ভাল লগা কথা৷ ভাষণ প্রসংগত তেওঁ কয়– ‘প্রকৃত সাহিত্য আৰু প্রকৃত সাহিত্যিকে আমাক সত্যৰ সৈতে মুখামুখি কৰাই দিয়ে৷ গতিকে প্রকৃত সাহিত্য সদায়ে থাকি যাব৷ কিন্তু এতিয়া প্রকৃত সাহিত্যৰ প্রকাশ কমি অহা দেখা গৈছে৷ ইয়াৰ বাবে পঢ়ুৱৈ সমাজো দায়বদ্ধ ৷ তেওঁলোকে প্রকৃত সাহিত্য আৰু জনপ্রিয় সাহিত্যিকৰ মাজৰ পার্থক্য বুজি পাব লাগিব৷ সাহিত্য আৰু ‘পপুলিষ্ট লিটাৰাচাৰ’ৰ পার্থক্য আমি জানিবই লাগিব৷’
আন এগৰাকী বিশিষ্ট অতিথি, সাহিত্য অকাডেমিৰ অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ আহ্বায়ক দিগন্ত বিশ্ব শর্মাই ভাষণত কয় যে অসমত গ্রন্থ বিপ্লৱ ত্বৰান্বিত কৰিছে অসম গ্রন্থমেলাই৷ কিন্তু আমি নিজক প্রশ্ন কৰাৰ সময় আহিছে যে সাহিত্যই প্রকৃত পোহৰ হেৰুৱাইছে নেকি? যদি হেৰুৱাইছে তেন্তে পোহৰৰ বাট আমাক কোনে দেখুৱাব? জ্যোতিপ্রসাদ আগৰৱালায়ো সাহিত্যই পোহৰ দেখুওৱাৰ কথা কৈছিল৷ বিষয় প্রসংগৰে তেওঁ পুনৰ কয়– ‘কপিসুলভ দৃষ্টিভংগীৰে আমি সমুদ্রৰ সিপাৰৰ দর্শন অনুসৰণ কৰোঁ৷ অথচ দহ হাজাৰ বছৰ পূর্বেই বেদৰ জৰিয়তে ভাৰতীয় সভ্যতাই দর্শনত দেখুৱাইছিল৷ ভাৰতবর্ষৰ সাহিত্যৰ এই সনাতন প্রমূল্য আমি জানিব লাগিব৷
সাহিত্য–সংগীত–কলা জগতক সুন্দৰ কৰে৷ এয়া নাথাকিলে মানুহ শিং আৰু নেজ নোহোৱা পশুহে হ’ব বুলি ভক্তি হৰিৰ দৰে মনীষীয়ে কৈ গৈছে৷ জ্যোতিপ্রসাদ আগৰৱালায়ো কৈছে–সুন্দৰে যে ফুলাৰ মন্ত্র/অহোৰাত্রি মাতে/সেয়েহে আজি ইমান ফুল প্রভাতে প্রভাতে… ৰূপান্তৰেহে জগত ধুনীয়া কৰে/এয়ে মোৰ গায়ত্রী মন্ত্র…৷ এয়ে সাহিত্যই দেখুওৱা পোহৰৰ বাট৷ গ্রন্থ হৈছে জ্ঞানৰ পেৰা৷ এই জ্ঞান মুকলি কৰি দিয়া গ্রন্থ সদায়ে থাকিব৷’
অসম প্রকাশন পৰিষদৰ উপাধ্যক্ষ, অভিধান প্রণেতা সুমন্ত চলিহায়ো সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ধন্যবাদসূচক বক্তব্য আগবঢ়ায়৷
উল্লেখ্য যে গ্রন্থমেলাৰ সামৰণী সভাতে সাহিত্যিক ড০ দীপক কুমাৰ বৰকাকতিক ‘ঐশ্বর্য’ উপন্যাসৰ বাবে অসম প্রকাশন পৰিষদ সাহিত্য বঁটা–২০২৫ প্রদান কৰা হয়৷ এই বঁটাত আছে ৫ লাখ টকা, অংগবস্ত্র, মানপত্র আৰু মূল্যৱান কিতাপৰ টোপোলা৷
একেদৰে প্রকাশকৰ বাবে অসম প্রকাশন পৰিষদ সাহিত্য বঁটা–২০২৫ প্রদান কৰা হয় বান্ধৱ প্রকাশনৰ স্বত্বাধিকাৰী ৰঞ্জনজ্যোতি শর্মাক৷ এই বঁটাত আছে ৩ লাখ টকা, অংগবস্ত্র আৰু মূল্যৱান কিতাপৰ টোপোলা ৷ দুয়োটা বঁটা প্রদান কৰে শিক্ষামন্ত্রী তথা অসম প্রকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে৷
একেখন সভাতে অসম প্রকাশন পৰিষদৰ উদ্যোগত প্রস্তুত কৰা ‘ম’ডার্ন গ্ল’চাৰি (এংলো–আছামিজ)’ এপটো শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে মুকলি কৰে৷ এপটো প্রস্তুত কৰিছে ভাষা প্রযুক্তিবিদ ড০ গুণদীপ চেতিয়া আৰু ভাষাবিদ ড০ ভাস্কৰজ্যোতি শর্মাই৷ এপটো এনড্রইড ম’বাইল আৰু আইফোনত উপলব্ধ হ’ব৷
ডিজিটেল ডেস্ক, ৭ জানুৱাৰী
লগতে এইটোও পঢ়ক — সম্পাদকীয় : শিক্ষা আৰু নিয়োগ