নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধৰ্ষণৰ অভিযোগত গুৱাহাটীত চিকিৎসকক গ্রেপ্তাৰ

বিশেষ বাৰ্তা, ১২ ডিচেম্বৰঃ মহানগৰীৰ এখন আগশাৰীৰ চিকিৎসালয়ত কর্মৰত এজন লম্পট চিকিৎসকৰ কামনাৰ বলি হ’ল এগৰাকী বনকৰা কিশোৰী৷ সভ্য সমাজক লজ্জানত কৰা এই কিশোৰী ধর্ষণৰ ঘটনাত সর্বত্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷ চিকিৎসা বৃত্তিত জড়িত উজানবজাৰৰ হেপীভিলাৰ পূৰবী কুন্তি ৰেচিডেন্সি নিৱাসী ডাঃ জ্যোতির্ময় ডেকাই নিজ বাসগৃহতে বনকৰা ১৭ বছৰীয়া কিশোৰীগৰাকীক ধর্ষণ কৰে৷ ভুক্তভোগী কিশোৰীগৰাকীৰ এজাহাৰৰ ভিত্তিত লতাশিল থানাৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৭৬(২) আৰু প’স্ক’ আইনৰ ৬ ধাৰাৰ অধীনত ২২৫/২৩ নম্বৰত এটা গোচৰ ৰুজু কৰি অভিযুক্ত লম্পট ডাক্তৰ জ্যোতির্ময় ডেকাক গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে প্রায় চাৰিমাহ ধৰি লম্পট চিকিৎসক জ্যোতির্ময় ডেকাৰ বাসগৃহত বনকৰা কিশোৰী হিচাপে নিয়োজিত হৈ আছিল ভুক্তভোগী কিশোৰীগৰাকী৷ চিকিৎসক জ্যোতির্ময় ডেকাই সুযোগ বুজি কিশোৰীগৰাকীক যৌন নির্যাতন চলাই অহাৰ লগতে ধর্ষণ কৰিছিল৷ ধর্ষিতা কিশোৰীগৰাকীয়ে এই কথা ওচৰৰে এগৰাকী বান্ধৱীক অৱগত কৰিছিল৷ ৮ ডিচেম্বৰত কিশোৰীগৰাকীয়ে ওৰে নিশা পূৰবী কুন্তি ৰেচিডেন্সিৰ চাদত পাৰ কৰিছিল৷ কিশোৰীগৰাকী নিৰুদ্দেশ সন্দর্ভত লতাশিল আৰক্ষীক চিকিৎসকগৰাকীৰ পত্নীয়ে অৱগত কৰিছিল৷ ৯ ডিচেম্বৰৰ পুৱা বান্ধৱীৰ সহযোগত লতাশিল আৰক্ষী থানাত উপস্থিত হৈ ভুক্তভোগী কিশোৰীগৰাকীয়ে এজাহাৰ দাখিল কৰিছিল৷ উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰি ১০ ডিচেম্বৰত অভিযুক্ত চিকিৎসক জ্যোতির্ময় ডেকাক গ্রেপ্তাৰ কৰি আদালতত হাজিৰ কৰি জেললৈ প্রেৰণ কৰে৷

#বাৰ্তা ডেস্ক

You might also like