নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নটসূৰ্য নাট সমাৰোহত মঞ্চতীৰ্থ অসমৰ কুকুৰনেচীয়া নাট মঞ্চস্থ

🔴কাইলৈ কলাক্ষেত্ৰত মুম্বাইৰ দ্য ফিল্ম এণ্ড থিয়েটাৰ ছ’চাইটীৰ নাট My Wife’s 8th Vachan

বিশেষ বাৰ্তা, ১২ ডিচেম্বৰঃ নটসূৰ্য’ৰ ২৭সংখ্যক বাৰ্যিক নাট সমাৰোহ ৯ ডিচেম্বৰৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে। ইতিমধ্যে যোৱা তিনিটা সন্ধিয়াত চাৰিখন নাট সফলতাৰে মঞ্চস্থ হৈ যোৱাৰ পিছত আজি চতিয়াৰ মঞ্চতীৰ্থ, অসমে নিবেদন কৰে পংকজজ্যোতি ভূঞা ৰচিত আৰু পৰিচালিত নাট ‘কুকুৰনেচীয়া’। এটা ব্যতিক্ৰমধৰ্মী কাহিনীৰ আধাৰত ৰচিত নাটকখনত মতা কুকুৰনেচীয়াৰ চৰিত্ৰত সত্যৰঞ্জন বৰা, মাইকী কুকুৰনেচীয়াৰ চৰিত্ৰত লীজা শইকীয়া, অনলৰ চৰিত্ৰত দ্বিজেন মহন্ত আৰু আকৃতিৰ চৰিত্ৰত গৰীয়সী বৰুৱাই অভিনয় কৰে। নাটখনৰ মঞ্চসজ্জা আছিল নুৰুদ্দিন আহমেদৰ, পোহৰ সজ্জা কুশল ডেকাৰ আৰু সংগীত আছিল মানসজ্যোতি বৰাৰ। উত্তৰ আধুনিক মানুহৰ অৱচেতনাৰ গভীৰতাত থকা চিৰন্তন একাকিত্ববোধৰ সৈতে প্ৰকৃতিৰ যি নিষ্ঠুৰ আৰু নিৰন্তৰ সংঘাত, সেই প্রতিফলনতে জন্ম হৈছে কুকুৰনেচীয়াৰ। নটসূৰ্যৰ এগৰাকী সক্ৰিয় কৰ্মী সদ্যপ্ৰয়াত নিৰু শৰ্মা পৰাজুলীৰ সোঁৱৰণত অনুষ্ঠিত নাট্য সন্ধিয়া মুকলি কৰে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ স্পেচিয়েল মনিটৰ তথা ভাৰতীয় প্রশাসনীয় সেৱাৰ অৱসবপ্ৰাপ্ত বিষয়া হিমাংশু শেখৰ দাসে। দাসে তেওঁৰ ভাষণত নটসূৰ্যৰ নিৰলস প্ৰচেষ্টাৰ শলাগ লয় আৰু নাট্য দলটিলৈ শুভেচ্ছা জ্ঞাপন কৰে। কাইলৈ সমাৰোহৰ অন্তিম সন্ধিয়া মুম্বাইৰ দ্য ফিল্ম এণ্ড থিয়েটাৰ ছ’চাইটিৰ নাট My Wife’s 8th Vachan শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব। সমাৰোহ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি ড০ কুলধৰ শইকীয়া। কাইলৈ নিবেদন হ’বলগীয়া হাস্যমধুৰ নাটখনিত অভিনয় কৰিব মুম্বাই তাৰকাশিল্পী অনুপ চনি, বিনয় জৈন আৰু মনীষা সিং কাটিৱালে। নাটখনিৰ ৰচনা, পৰিকল্পনা আৰু পৰিচালনা অতুল সত্য কৌশিকৰ। ডেৰ ঘণ্টা জোৰা হিন্দী নাটকখনৰ পোহৰত আছে কমলেশ ওজা আৰু আজাহাৰ। নাটখনৰ নেপথ্য সংগীতত আছে লতিকা জৈন। উল্লেখযোগ্য যে সন্ধিয়া ৬.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব লগা এই নাটৰ প্রৱেশ বিনামূলীয়া। উদ্যোক্তসকলে ইচ্ছুক দর্শকক দৰ্শনীৰ সময়ৰ কমেও পোন্ধৰ মিনিট আগতে আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে।

#বাৰ্তা ডেস্ক

You might also like