নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৰুতৰভাৱে অসুস্থ প্রাক্তন মুখ্যমন্ত্রী ডাঃ ভূমিধৰ বর্মন

নিয়মীয়া বাৰ্তা ৮ এপ্ৰিলঃ প্রাক্তন মুখ্যমন্ত্রী বর্ষীয়ান কংগ্রেছ নেতা ডাঃ ভূমিধৰ বর্মন গুৰুতৰভাৱে অসুস্থ হৈ বর্তমান গুৱাহাটীৰ দিছপুৰ হাস্পতালত চিকিৎসাধীন হৈ আছে৷ প্রস্রাৱজনিত ৰোগত আক্রান্ত হৈ যোৱা কিছুদিন ধৰি ৮৯ বছৰীয়া ডাঃ বর্মন হাস্পতালখনত চিকিৎসাধীন হৈ আছে৷ সম্প্রতি চিকিৎসালয়খনৰ আই চি ইউৰ ভেণ্টিলেচনত থকা ডাঃ বর্মনৰ অৱস্থা জটিল বুলি চিকিৎসালয় সূত্রই প্রকাশ কৰে৷ সূত্রটোৱে জানিবলৈ দিয়া মতে, তেওঁৰ ৰক্তচাপ মাজে মাজে কমি যোৱাৰ বাবে ৰক্তচাপ বঢ়োৱাৰ দৰব দিয়া হৈছে৷ কিডনীও ডায়েলাইছিছ কৰিবলগীয়া হৈছে৷ অৱশ্যে আই চি ইউত জটিল অৱস্থাত থাকিলেও ডাঃ বর্মনে মাজে মাজে চকু মেলি চোৱাৰ লগতে হাত–ভৰিও লৰচৰ কৰি থকাটো ভাল লক্ষণ বুলি প্রকাশ কৰে৷ ইপিনে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই আজি চিকিৎসালয়খনত উপস্থিত হৈ ডাঃ বর্মনৰ স্বাস্থ্যৰ বুজ লয়৷ ৰিপুণ বৰাক দেখি ডাঃ বর্মনে চকু মেলি কিবা ক’ব বিচাৰে যদিও সেয়া স্পষ্ট নাছিল বুলি জানিব পৰা গৈছে৷
ছ’চিয়েল মিডিয়াত ডাঃ বর্মনক লৈ
অপপ্রচাৰঃ অপপ্রচাৰকাৰীক গৰিহণা, ধিক্কাৰ
ৰাজ্যৰ প্রবীণ ৰাজনীতিক, প্রাক্তন মুখ্যমন্ত্রী ডাঃ ভূমিধৰ বর্মনৰ আশু আৰোগ্য কামনা কৰি যি সময়ত অসংখ্য গুণমুগ্ধই জনপ্রিয় নেতাগৰাকী সোনকালে সুস্থ হৈ উঠাটো বিচাৰিছে, সেই সময়তে একাংশ লোকে ছ’চিয়েল মিডিয়াযোগে ডাঃ বর্মনৰ মৃত্যু হোৱা বুলি অপপ্রচাৰ চলোৱা ঘটনাই বিভিন্ন মহলত প্রতিক্রিয়া সৃষ্টি কৰিছে৷ এনে ঘটনাক ৰাইজে একমুখে গৰিহণা দি ধিক্কাৰ দিছে৷ মন্ত্রী সিদ্ধার্থ ভট্টাচার্যৰ পৰা আৰম্ভ কৰি নলবাৰীৰ ভবেশ বর্মন নামৰ আৰ এছ এছৰ এজন সদস্যয়ো ছ’চিয়েল মিডিয়াযোগে এনে অপপ্রচাৰত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ মন্ত্রী ভট্টাচার্য আৰু আৰ এছ এছৰ সদস্যজনে ডাঃ বর্মনৰ মৃত্যুত শোক প্রকাশ কৰি ছ’চিয়েল মিডিয়াযোগে প্রচাৰ কৰাত বিভিন্ন ব্যক্তি আৰু ডাঃ বর্মনৰ শুভাকাংক্ষীসকলে তেওঁলোকক ধিক্কাৰ দিয়ে৷ একাংশই অপপ্রচাৰকাৰীসকল বিৰুদ্ধে আইনগত ব্যৱস্থা গ্রহণ কৰিবলৈ ডাঃ বর্মনৰ পৰিয়ালক অনুৰোধ জনায়৷

You might also like