নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছত্তিশগড়ৰ ৰাইপুৰত সম্পূর্ণ লকডাউন, পঞ্জাবত নাইট কার্ফিউ

নিয়মীয়া বাৰ্তা ৮ এপ্ৰিলঃ অতি ভয়াৱহ পৰিস্থিতিৰ দিশে আগবাঢ়িছে দেশ৷ প্রাদুর্ভাৱ ঘটা বর্ষৰ তুলনাত চলিত বর্ষত ঘাতক ক’ভিড–১৯ৰ সংক্রমণ দ্রুতগতিত বৃদ্ধি পাই আছে৷ সোমবাৰে ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা এদিনত প্রথমবাৰৰ বাবে ১ লাখ অতিক্রম কৰাৰ পাছত দেশৰ প্রান্তে প্রান্তে ঘাতক ভাইৰাছটোৰ সংক্রমণে সংহাৰী ৰূপ ধাৰণ কৰিছে৷ যোৱা ২৪ ঘণ্টাত পুনৰ অনাকাংক্ষিত অভিলেখেৰে এদিনতে ১.১৫ লক্ষাধিক লোক আক্রান্ত হৈছে৷ তেনেদৰে যোৱা ২৪ ঘণ্টাত প্রাণ হেৰুৱাইছে ৬৩০জনে৷ ইতিমধ্যে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে পৰৱর্তী চাৰি সপ্তাহ দেশৰ বাবে অতি জটিল হ’ব বুলি সকীয়নি দিয়াৰ কেইঘণ্টামানৰ পাছতে যোৱা ২৪ ঘণ্টাত অর্থাৎ এদিনত এতিয়ালৈকে সর্বাধিক ১,১৫,৭৩৬জন লোক আক্রান্ত হৈছে৷ ইয়াকে লৈ দেশত মুঠ আক্রান্তৰ সংখ্যা ১,২৮,০১,৭৮৫লৈ বৃদ্ধি হৈছে৷

আনপিনে, ২৪ ঘণ্টাত ৬৩০জনে প্রাণ হেৰুওৱাত দেশজুৰি মৃতকৰ সংখ্যা ১,৬৬,১৭৭লৈ বৃদ্ধি পাইছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে এই তথ্য প্রকাশ কৰি কয় যে সম্প্রতি দেশত ক’ভিড–১৯ত আক্রান্ত হৈ চিকিৎসাধীন হৈ থকা লোকৰ সংখ্যা ৮,৪৩,৪৭৩জন৷ ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰত সর্বাধিক ক্ষতিৰ সন্মুখীন হৈছে মহাৰাষ্ট্র৷ ৰাজ্যখনৰ ৰাজধানী মুম্বাইত বিগত তিনি দিন ধৰি অনাকাংক্ষিত অভিলেখেৰে দহ সহস্রাধিক লোক আক্রান্ত হৈ আছে৷ ৰাজ্যখনত আক্রান্তৰ সংখ্যাও বিগত তিনি দিন ধৰি ৫০ হাজাৰ অতিক্রম কৰি আছে৷ ইয়াৰ পৰিপ্রেক্ষিতত মহাৰাষ্ট্রত নৈশ সান্ধ্য আইন বলৱৎ কৰাৰ লগতে সপ্তাহান্তিক লকডাউন চলি আছে৷ তদুপৰি সমুদ্র তীৰ আৰু উদ্যানসমূহো নিশা ৮ বজাৰ পৰা পুৱা ৫ বজালৈকে বন্ধ ঘোষণা কৰিছে৷ ৰাজ্যখনৰ প্রথম শ্রেণীৰ পৰা অষ্টম শ্রেণীলৈ বিদ্যালয়সমূহ বন্ধ ৰখা হৈছে৷ মহাৰাষ্ট্রৰ পাছতে পঞ্জাবত অহা ৩০ এপ্রিললৈকে নৈশ সান্ধ্য আইন ঘোষণা কৰা হৈছে৷

বুধবাৰৰ পৰা নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈ সমগ্র ৰাজ্যখনতে সান্ধ্য আইন বলৱৎ ঘোষণা কৰিছে মুখ্যমন্ত্রী কেপ্ঢেইন অমৰিন্দৰ সিঙে৷ কালি দিল্লী চৰকাৰেও নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈকে সান্ধ্য আইন ঘোষণা কৰিছিল৷ ইপিনে, ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰত মহামাৰী ভাইৰাছটোৰ সংক্রমণ দ্রুতগতিত বৃদ্ধি পাই থকাৰ পৰিপ্রেক্ষিতত ছত্তিশগড় চৰকাৰে ৰায়পুৰত সম্পূর্ণ লকডাউন ঘোষণা কৰিছে৷ অহা ৯ এপ্রিলৰ পৰা ১৯ এপ্রিললৈকে ৰাজ্যখনৰ ৰাজধানী ৰায়গড় সম্পূর্ণ লকডাউনত থাকিব৷ ইপিনে, গুজৰাটতো ক’ভিড–১৯ৰ সংক্রমণৰ হাৰ বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত চুৰাটকে ধৰি ২০খন চহৰত নৈশ সান্ধ্য আইন বলৱৎ কৰা হৈছে৷ সবাতোকৈ চর্চিত বিষয় যে উত্তৰ প্রদেশৰ লক্ষ্ণৌত ৪০তকৈও অধিক চিকিৎসক ক’ভিড–১৯ত আক্রান্ত হৈছে৷ লক্ষ্ণৌৰ কিং জর্জ মেডিকেল ইউনিভার্ছিটী (কে জি এম ইউ)ৰ উপাচার্য লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্রাপ্ত) বিপিন পুৰীসহ ৪০তকৈও অধিক চিকিৎসক ক’ভিড–১৯ ভেকচিন লোৱাৰ পাছতো মহামাৰী ভাইৰাছটোত আক্রান্ত হৈছে৷ উপাচার্য বিপিন পুৰীয়ে যোৱা ২৫ মার্চত ক’ভিড–১৯ ভেকচিনৰ দ্বিতীয়টো ড’জ লোৱাৰ পাছত ভাইৰাছটোত আক্রান্ত হৈছে৷

কে জি এম ইউৰ চিকিৎসক সন্দীপ তিৱাৰীয়ে প্রকাশ কৰা মতে, মেডিকেল অধীক্ষক হিমাংশুসহ ৪০জনতকৈও অধিক চিকিৎসক পজিটিভ হৈছে৷ কিছুসংখ্যক চিকিৎসকৰ এতিয়ালৈকে ফলাফল অহা নাই৷ গতিকে আক্রান্তৰ সংখ্যা আৰু অধিক হ’ব পাৰে৷ তথ্য মতে ২০জন অস্ত্রোপচাৰ বিভাগৰ চিকিৎসক, ইউৰ’লজীৰ ৯জন, মেডিচিনৰ তিনিজন চিকিৎসক ক’ভিড–১৯ত আক্রান্ত হৈছে৷ আনহাতে, ৰাজ্যখনৰে সঞ্জয় গান্ধী পোষ্ট গ্রেজুৱেট ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স, মেদান্ত হাস্পতাল আৰু ইৰা মেডিকেল কলেজৰো কিছুসংখ্যক চিকিৎসক ক’ভিড–১৯ত আক্রান্ত হৈছে৷ লক্ষ্ণৌ শেহতীয়াভাৱে ক’ভিড–১৯ৰ হটস্পট হিচাপে চিহ্ণিত হৈছে৷ চহৰখনত যোৱা ২৪ ঘণ্টাত ১,১৮৮জন লোক আক্রান্ত হৈছে৷ ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰত মহাৰাষ্ট্র, পঞ্জাব, ছত্তিশগড়ৰ উপৰি ৰাজধানী দিল্লী, গুজৰাট, হাৰিয়ানা, হিমাচল প্রদেশ, ঝাৰখণ্ড, কর্ণাটক, মধ্যপ্রদেশ আৰু ৰাজস্থানত দ্রুতগতিত আক্রান্তৰ সংখ্যা বর্ধিত হৈ আছে৷ কর্ণাটকৰ বাংগালুৰুত ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা বর্ধিত হৈ থকাৰ পৰিপ্রেক্ষিতত চহৰখনত ১৪৪ ধাৰা জাৰি কৰা হৈছে৷ মন কৰিবলগীয়া যে ক’ভিড–১৯ক লৈ সঠিক আচৰণ আৰু টিকাকৰণ অভিযানত জনতাক অংশ লোৱাৰ বাবে ব্যক্তিগত চেনেলসমূহক বার্তা প্রেৰণৰ বাবে পৰামর্শমূলক আহ্বান জনাইছে তথ্য আৰু সম্প্রচাৰ মন্ত্রালয়ে৷ দেশবাসীৰ মাজত ক’ভিড–১৯ক লৈ সজাগতা সৃষ্টিৰ বাবে চেনেলসমূহক এই পদক্ষেপ গ্রহণ কৰাৰ আহ্বান মন্ত্রালয়ৰ৷ উল্লেখ্য যে ত্রিপুৰাৰ মুখ্যমন্ত্রী বিপ্লৱ কুমাৰ দেৱ ক’ভিড–১৯ত আক্রান্ত হৈছে৷
১১ এপ্রিলৰ পৰা কর্মস্থলীত ক’ভিড–১৯ টিকাকৰণৰ অনুমতি
কেন্দ্রৰ, ১০০ যোগ্য হিতাধিকাৰী থাকিব লাগিব
ক’ভিড–১৯ টিকাকৰণক অধিক সম্প্রসাৰণ কৰি কেন্দ্রীয় চৰকাৰে কর্মস্থলীতে ১১ এপ্রিলৰ পৰা টিকাকৰণৰ অনুমতি জনাইছে৷ কেন্দ্রীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহলৈ প্রেৰণ কৰা পত্রত অহা ১১ এপ্রিলৰ পৰা চৰকাৰী আৰু ব্যক্তিগত কর্মস্থলীতে ক’ভিড–১৯ টিকাকৰণৰ অনুমতি জনোৱা বুলি উল্লেখ কৰা হৈছে৷ ৪৫ বছৰৰ ঊর্ধ্বৰ সকলো ব্যক্তিৰ ১০০ যোগ্য হিতাধিকাৰী থাকিলে চৰকাৰী আৰু ব্যক্তিগত প্রতিষ্ঠানত টিকাকৰণ কৰিব পাৰিব৷ চৰকাৰী প্রতিষ্ঠানৰ লগতে সংগঠিত ব্যক্তিগত খণ্ডৰ প্রতিষ্ঠানত ১০০ হিতাধিকাৰী হ’লে ক’ভিড–১৯ ভেকচিন প্রদানৰ অনুমতি দিয়া হৈছে৷ কেন্দ্রীয় চৰকাৰে পত্রখনত ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ প্রশাসনক চৰকাৰী–ৰাজহুৱা খণ্ডৰ স্বত্বাধিকাৰীৰ সৈতে পৰামর্শৰে টিকাকৰণৰ বাবে প্রস্তুতি চলাবলৈও নির্দেশ দিছে৷ অহা ১১ এপ্রিলৰ পৰাই এনে প্রতিষ্ঠানত টিকাকৰণ অভিযান আৰম্ভ কৰা হ’ব বুলিও পত্রখনত উল্লেখ কৰা হৈছে৷ এইক্ষেত্রত ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহে টিকাকৰণক লৈ ইতিমধ্যে জাৰি কৰা নির্দেশনাসমূহ পালন কৰিব লাগিব৷

You might also like