নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আছু এতিয়া জাতীয়তাবাদী সংগঠন হৈ থকা নাইঃ ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ ‘সদৌ অসম ছাত্ৰ সন্থা এতিযা জাতীয়তাবাদী সংগঠন হৈ থকা নাই। নৱ সংগঠিত অজাপ দললৈ সমৰ্থন ব্যক্ত কৰি ছাত্ৰ সন্থা আৰু জাতীয়তাবাদী দলে নিজৰ চৰিত্ৰ উদঙাই দিছে।’ -এই মন্তব্য বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। ড০ শৰ্মাই কয়- ‘এতিয়া আৰু আছুৱে নিজক জাতীয় সংগঠন বুলি কব নোৱাৰে। গতিকে মই সংবাদ মাধ্যমক অনুৰোধ কৰিম তেওঁলোকে যেন আছুৰ আগত জাতীয়তাবাদী শব্দটো ব্যৱহাৰ নকৰে।’

আনহাতে মন্ত্ৰী ড০ শৰ্মাই কয় যে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ মিত্ৰতা সন্দৰ্ভত কয় যে এটা অদৃশ্য শক্তিয়ে আন এটা অদৃশ্য শক্তিক সহায় কৰাৰ দৰে হ’ব দুয়োটা দলৰ নিৰ্বাচনী মিত্ৰতা।

উল্লেখ্য, কালি ৰাজনৈতিক বৃত্তৰ বাহিৰত থাকি আগন্তুক বিধানসভা নির্বাচনৰ সময়ত অসম জাতীয় পৰিষদক (অজাপ) সমর্থন দিব বুলি উল্লেখ কৰিছিল সদৌ অসম ছাত্র সন্থাই।

You might also like