নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পর্যটকৰ বাবে দুৱাৰ খুলিলে উত্তৰ-পূবৰ এইখন ৰাজ্যই, মানিব লাগিব এইসমূহ নিয়ম

নিয়মীয়া বাৰ্তা ৮ জানুৱাৰীঃ মহামাৰীৰ বাবে ব্যাপক ক্ষতিৰ সন্মুখিন হৈছে দেশৰ পর্যটন শিল্প। গোটেই বছৰ কার্যত বন্ধ হৈয়ে থাকিল পৰ্যটনৰ সৈতে জড়িত ব্যৱসায়সমূহো।

যিসকল লোকে প্ৰতি সপ্তাহত বা মাহত এটাকৈ উইকেণ্ড ট্যুৰ ভ্ৰমণত থাকে সেইসকল লোক বিগত গোটেই বছৰ ধৰি গৃহবন্দি হৈয়ে থাকিবলগীয়া হয়।

লগতে পঢ়কঃ প্ৰেমিকাৰ সৈতে পলাল দৰা; পলম নকৰি কইনায়ো কৰিলে আনএজনৰে বিয়া

কিন্তু বিগত দুমাহ ধৰি পৰিস্থিতি সামান্য সলনি হৈছে। গোটেই বছৰটো বেয়াকৈ পাৰ হ’লেও অৱশেষত বছৰৰ শেষত পৰ্যটকৰ লগতে পৰ্যটন শিল্পটোলৈ পুনৰ ভাল দিন ঘূৰি আহিছে। কিয়নো এখন এখনকৈ ৰাজ্যই পুনবাৰ পর্যটকৰ বাবে দুৱাৰ মুকলি কৰিছে। উত্তৰ পূবৰ ৰাজ্য মেঘালয়ৰ পাছত এইবাৰ দুৱাৰ খুলিলে নাগালেণ্ডে।

ৰাজ্যখনৰ প্ৰশাসনে ক’ভিড বিধি মানি পৰ্যটকসকলক নাগালেণ্ডত প্রৱেশৰ অনুমতি দিছে।

পর্যটকসকলে মানিব লাগিব এইসমূহ নিয়ম-

  • নাগালেণ্ডত প্রৱেশৰ বাবে কভিড পৰীক্ষাৰ ৰিপোর্ট (COVID Test Report) নিয়াটো হ’ব বাধ্যতামূলক।
  • ইনাৰ লাইন পাৰমিট (ILP) থকাটোও বাধ্যমূলক। প্রথমবাৰলৈ অনলাইনত ইছ্যু কৰা হৈছে এই পাৰমিট।
  • ওৱান ৱে’ এন্ট্রি পয়েন্ট। বিমান, ৰেল অথবা স্থলপথেৰে মাত্ৰ ডিমাপুৰ হৈহে নাগালেণ্ডত প্রৱেশ কৰিব পৰা যাব।
  • প্রি বুকড ট্রাভেল পেকেজত থাকিব লাগিব।
  • খোৱা লোৱাৰ বাবে অনলাইনত হোটেলৰ নিমন্ত্রণপত্র থাকিব লাগিব
  • পর্যটকসকলৰ মোবাইলত আৰোগ্য সেতু এপ থকাটো বাধ্যতামূলক।
  • মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব বজায় ৰখাৰ দৰে নিয়মো মানিব লাগিব।

You might also like