নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ হিমন্ত বিশ্ব শর্মা এনার্জেটিক মুখ্যমন্ত্রী : ৰাণা গোস্বামী

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ মাৰ্চঃ বিজেপিত যোগদানৰ পিছতেই ৰাণা গোস্বামীৰ মন্তব্য– ড০ হিমন্ত বিশ্ব শর্মা এগৰাকী এনার্জেটিক মুখ্যমন্ত্রী৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ গতিশীল উন্নয়নৰ প্রতি আকৃষ্ট হৈয়েই মুখ্যমন্ত্রী ড০ শর্মাৰ লগত বিজেপিত কাম কৰিছোঁ৷ উল্লেখ্য যে বিগত সপ্তাহত কংগ্রেছৰ দুই বিধায়ক ক্রমে কমলাক্ষ দে’ পুৰকায়স্থ আৰু বসন্ত দাসে বিজেপি দলৰ প্রতি মুকলি সমর্থন আগবঢ়াই কংগ্রেছত সৃষ্টি কৰা অচলাৱস্থাৰ মাজতে বিৰোধী দলটোৰ শীর্ষ নেতা তথা কংগ্রেছৰ ৰাষ্ট্রীয় সম্পাদকৰূপেও দায়িত্বভাৰ চম্ভালা ৰাণা গোস্বামীৰ যোগদান বিশেষ উল্লেখনীয় বুলি পৰিচিত হৈছে৷ ৰাণা গোস্বামীৰ লগতে বিশিষ্ট সমাজসেৱক জয়ন্ত বৰা আৰু কেইবাখনো মহাবিদ্যালয়ৰ ছাত্র একতা সভায়ো আজি বিজেপিত যোগদান কৰে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানত মুখ্যমন্ত্রী আৰু সভাপতিগৰাকীয়ে ৰাণা গোস্বামীক এখন ফুলাম গামোচা আৰু দলীয় বস্ত্রৰে বিজেপিলৈ আদৰি আনে৷ ইফালে, দলত যোগদান কৰি আজি ৰাণা গোস্বামী পুনৰ সৰৱ হৈ পৰে কংগ্রেছ দলৰ বিৰুদ্ধে৷ সদ্য কংগ্রেছ ত্যাগী নেতাজনে অভিযোগ কৰে যে ৰাহুল গান্ধীৰ ন্যায় যাত্রাৰ পিছত আৰক্ষীয়ে পঞ্জীয়ন কৰা এটা গোচৰ সন্দর্ভত ৰাষ্ট্রীয় নেতৃত্ব বিশেষকৈ ৰাহুল গান্ধীয়ে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাক গোচৰটোৰ পৰা উদ্ধাৰ কৰাৰ চেষ্টা চলোৱাৰ বিপৰীতে উক্ত গোচৰটোত সাঙোৰ খাই পৰা ৰাণা গোস্বামীৰ লগতে আন নেতাসকলৰ ক্ষেত্রত কিন্তু তিলমাত্রও গুৰুত্ব দিয়া নাছিল৷ ৰাণা গোস্বামীয়ে কয়– এই ঘটনাৰ পিছতেই মোৰ অনুভৱ হৈছিল কংগ্রেছত এতিয়া নেতাৰ অভাৱ হৈছে৷ মই দলৰ ৰাষ্ট্রীয় সম্পাদক হিচাপে বহুদিন কাম কৰিছোঁ৷ মধুসূদন মিস্ত্রী, গোলাম নবী আজাদ, জ্যোতিৰাদিত্য ৰাও সিন্ধিয়া আদিৰ লগত মই একেলগে কাম কৰিছোঁ৷ কিন্তু এই লোকসকলে এতিয়া কংগ্রেছ এৰি গৈছে৷ দল এৰাৰ সময়ত তেওঁলোকে প্রকাশ কৰা বেদনাৰ কথা মোক ব্যক্ত কৰিছে৷ এটা সময়ত কংগ্রেছত চলা নৈৰাজ্যময় পৰিৱেশৰ সময়তো, আলফাৰ দিনতো আমি কংগ্রেছত কাম কৰিছিলোঁ৷ কিন্তু এতিয়া অনুভৱ হৈছে যে বিপদত আহি দিল্লীৰ নেতাই সাহস দি যোৱাৰ পৰিৱেশ নাই৷ কংগ্রেছত এতিয়া ৰাজীৱ গান্ধী, জর্জ ফার্নাণ্ডেজ, মাধৱ ৰাও সিন্ধিয়া, ৰাজেশ পাইলট আদিৰ দৰে নেতা নাই৷ গতিকে কংগ্রেছত এতিয়া পূর্বৰ পৰিৱেশো নাই৷ ইয়াৰ বিপৰীতে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত দেশত যি গতিশীল উন্নয়ন আৰম্ভ হৈছে তাৰ প্রতি মই আপ্লুত হৈছোঁ৷ ড০ হিমন্ত বিশ্ব শর্মা এগৰাকী এনার্জেটিক মুখ্যমন্ত্রী৷ দিনটোৰ দীঘলীয়া সময় তেওঁৰ কাম কৰাৰ ক্ষমতা আছে৷ মই ৰাইজৰ মাজত থাকি কাম কৰা মানুহ৷ কংগ্রেছত থাকি ৰাইজৰ ওচৰলৈ যাব নোৱাৰা হ’লোঁ৷ সেয়েহে মুখ্যমন্ত্রীৰ লগত কাম কৰাৰ মানসিকতাৰে ৰাইজৰ সিদ্ধান্ত অনুসৰি বিজেপিত যোগদান কৰিছোঁ৷

You might also like