নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : ন-ইতিহাসৰ দিশে দেশৰ ৰাজনীতি

সময়সূচী ঘোষণা হোৱা নাই যদিও দেশৰ সাধাৰণ নির্বাচন এতিয়া মাথোঁ সময়ৰ অপেক্ষাহে৷ দেশজুৰি ইতিমধ্যে সাধাৰণ নির্বাচনৰ পৰিৱেশ এটা গঢ় লৈ উঠিছে৷ গণতান্ত্রিক ৰাষ্ট্র এখনৰ বাবে ইয়াতকৈ ভাল খবৰ আন একো হ’ব নোৱাৰে৷ আমাৰ দেশখন বিশ্বৰ সর্ববৃহৎ গণতান্ত্রিক ৰাষ্ট্র৷ দেশখনত সদায়েই গণতন্ত্রৰ সপক্ষে ইতিবাচক বাতাৱৰণ বিৰাজ কৰি থকাটো বাঞ্ছনীয়৷ এইক্ষেত্রত ৰাজনৈতিক দলসমূহৰো ভূমিকা যোগাত্মক হোৱা উচিত৷ আশাৰ কথা যে দেশখনত গণতন্ত্রৰ মহিমা মণ্ডনত এতিয়ালৈকে ৰাজনৈতিক দলসমূহৰ ভূমিকা আশাব্যঞ্জক৷ ত্রুটি–বিচ্যুতি কিছু থাকিবই৷ নির্বাচন আয়োগ আৰু প্রশাসনৰ ভূমিকাও ইতিবাচক৷ বিশেষকৈ নৱপ্রজন্মৰ ভোটাৰক নির্বাচনী প্রক্রিয়াটোৰ প্রতি আগ্রহী কৰি তুলিবলৈ আৰু ভোটৰ গুৰুত্বক বুজাই দিয়াত দুয়োটা পক্ষই ভালদৰেই কাম কৰি আছে৷ এইবাৰ বিশ্ববিদ্যালয় অনুদান আয়োগে দেশখনৰ উচ্চ শিক্ষানুষ্ঠানত অধ্যয়নৰত শিক্ষার্থীৰ মাজত ভোটাধিকাৰৰ মূল্য আৰু দেশ গঠনত ইয়াৰ গুৰুত্ব সন্দর্ভত সজাগতা অভিযান চলাবলৈ ব্যৱস্থা গ্রহণ কৰিছে৷ বিষয়টোত ইউজিচিয়ে ইতিমধ্যে উচ্চ শিক্ষানুষ্ঠানে শিক্ষানুষ্ঠানে পত্র প্রেৰণ কৰিছে৷ সামগ্রিকভাৱে দেশখন সঠিক পথেৰেই আগবাঢ়িছে৷ এনে উছাহজনক পৰিৱেশৰ মাজতে শেহতীয়াকৈ দেশৰ ৰাজনীতিত এটা তাৎপর্যপূর্ণ ঘটনা ঘটিছে৷ অৱশ্যে ইয়াৰ সুফল ভোগ কৰিব বিজেপি আৰু দলটোৰ নেতৃত্বাধীন এনডিএ৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত কেন্দ্রৰ এনডিএ চৰকাৰখনৰ একেৰাহে দ্বিতীয়টো কার্যকাল সমাপ্তিৰ দিশে৷ প্রায় দহ বছৰীয়া শাসনকালত চৰকাৰখনে কেইবাটাও যুগান্তকাৰী সিদ্ধান্ত গ্রহণ কৰিছে৷ তাৎক্ষণিক ৩ তালাক, জম্মু–কাশ্মীৰৰ পৰা বিশেষ ৰাজ্যৰ মর্যাদা প্রত্যাহাৰ আদি সিদ্ধান্তৰ কথা কোনে পাহৰিব পাৰে? সিদ্ধান্তসমূহৰ প্রভাৱ দেশখনে সমাগত বহু বছৰলৈ অনুভৱ কৰি থাকিব৷ এক কথাত দেশৰ সামাজিক–ৰাজনৈতিক ক্ষেত্রখনত এইখন চৰকাৰৰ সিদ্ধান্তসমূহে যুগান্তকাৰী প্রভাৱ পেলাব৷ ক’বলৈ গ’লে সেই প্রভাৱ ইতিমধ্যে দৃশ্যমান হৈছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত বিগত প্রায় দহ বছৰীয়া শাসনকালত গ্রহণ দেশখনৰ ৰাজনৈতিক–সামাজিক তথা অর্থনীতিত যুগান্তকাৰীপ্রভাৱ পেলোৱা সিদ্ধান্তকেইটা গ্রহণ সিমান উজু নাছিল৷ লোকসভাত এনডিএৰ সংখ্যাগৰিষ্ঠতা থাকিলেও ৰাজ্যসভাত শাসক মর্চা সংখ্যালঘু হৈয়েই থাকিল৷ সেয়ে চৰকাৰখনে গ্রহণ কৰা প্রতিটো সিদ্ধান্তৰ বাবে অত্যধিক পৰিশ্রম কৰিবলগাীয়া হৈছিল৷

বিশেষকৈ আদর্শ আৰু নীতিৰ ক্ষেত্রত সম্পূর্ণ বিপৰীত মেৰুত অৱস্থান কৰি থকা কংগ্রেছ আৰু চিপিএমৰ বাবে বিজেপিৰ শীর্ষ নেতৃত্বই অপূর্ব ৰাজনৈতিক বিচক্ষণতা প্রদর্শন কৰি বিধেয়কসমূহ উচ্চ সদনত গৃহীত কৰোৱাবলগীয়া হয়৷ তুষ্টিকৰণ ৰাজনীতিৰ প্রধান উপাসক কংগ্রেছ, চিপিএম, তৃণমূল কংগ্রেছ আদিৰ বাধা ওফৰাই উচ্চ সদনত তাৎক্ষণিক তিনি তালাক, জম্মু–কাশ্মীৰৰ পৰা বিশেষ মর্যাদা প্রত্যাহাৰ কৰোৱাটো বিজেপিৰ শীর্ষ নেতৃত্বৰ ৰাজনৈতিক বিচক্ষণতাৰ প্রকাশ৷ কিন্তু ৰাজ্যসভাত খালী হৈ থকা ৫৬খন আসনৰ বাবে হোৱা নির্বাচনে বিজেপি তথা এনডিএৰ বাবে আশাৰ খবৰ কঢ়িয়াই আনিছে৷ ৫৬খন আসনৰ ভিতৰত ৪১গৰাকী প্রার্থীয়ে বিনাপ্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিবলৈ সক্ষম হয়৷ বাকী ১৫খন আসনৰ বাবে অনুষ্ঠিত হয় নির্বাচন৷ নির্বাচনত সামগ্রিকভাৱে এনডিএৰ বিপুল জয় সাব্যস্ত হয়৷ অকল বিজেপিৰ ৩০গৰাকী প্রার্থী জয়ী হয়৷ এনডিএৰ হিচাপত সংখ্যাটো হয় ৩৩৷ নৱনির্বাচিত প্রার্থীকেইগৰাকীয়ে শপতগ্রহণ কৰিলে ৰাজ্যসভাত এনডিএক একক সংখ্যাগৰিষ্ঠতা অর্জনলৈ মাথোঁ চাৰিজন সদস্যৰ আৱশ্যক হ’ব৷ লোকসভা নির্বাচনৰ পূর্বে বিজেপি তথা এনডিএৰ বাবে ইয়াতকৈ সুখৰ কথা কি হ’ব পাৰে৷ ৰাজনৈতিক পর্যবেক্ষকৰ মতে চলিত বর্ষটোতে এনডিএয়ে উচ্চ সদনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব৷ আজিৰ তাৰিখত ৰাজ্যসভাত বিজেপিৰ শক্তি ৯৭৷ ইয়াৰ ভিতৰত পাঁচগৰাকী মনোনীত সদস্য আছে৷ তেওঁলোকে পৰৱর্তীত শাসক দলটোত যোগান কৰে৷ তদুপৰি, এতিয়াৰাজ্যসভাত ভাৰতীয় জনতা পার্টী একক বহৎ দল৷ উচ্চ সদনত এনডিএৰ শক্তি ১১৭৷ আনহাতে, কংগ্রেছ সদস্য সংখ্যা হৈছে ২গৰাকী৷ বিৰোধী শিবিৰৰ অন্যতম প্রধান শক্তি তৃণমূল কংগ্রেছৰো শক্তি উলাই কৰিব পৰা বিধৰ নহয়৷ দলটোক প্রতিনিধিত্ব কৰি উচ্চ সদনত আছে ১৩জন নেতা৷ ডিএমকে আৰু আপৰ সদস্য সংখ্যা দহকৈ৷ বিজু জনতা দল আৰু ৱাই এছ আৰ চি পিৰ আছে ৯গৰাকীকৈ প্রতিনিধি৷ বি আৰ এছৰ সাত, আৰজেডিৰ ছয়, চিপিএমৰ পাঁচ, এইআইএডিএমকে আৰু জেডিইউৰ চাৰিগৰাকী সদস্য আছে৷ ৰাজ্যসভাৰ মুঠ সদস্য সংখ্যা যদিও ২৪৫গৰাকী, বর্তমান উচ্চ সদনত কার্যনির্বাহ কৰি থকা সদস্যৰ সংখ্যা হৈছে ২৪০গৰাকী৷ জম্মু–কাশ্মীৰত দীর্ঘকাল ধৰি ৰাষ্ট্রপতি শাসন চলি থকাত চাৰিখন আসন খালী হৈ আছে৷ মনোনীত সদস্যৰ আসন এখনো খালী হৈ আছে৷ সেই হিচাপত ২৪০জনীয়া ৰাজ্যসভাত একক সংখ্যাগৰিষ্ঠতাৰ বাবে এতিয়া লাগে মাথোঁ চাৰিজন সদস্য৷ অর্থাৎ লাগে ১২১৷ আছে ১১৭৷ এনডিএ যদি একেৰাহে তৃতীয়টো কার্যকালৰ বাবে দিল্লী দখল কৰিবলৈ সক্ষম হয়, কার্যকালটো দেশৰ ইতিহাসত অন্যতম হৈ পৰাটো নিশ্চিত৷

You might also like