নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ হিৰণ্য কুমাৰ নাথক আমেৰিকাৰ ছেম হিউষ্টন বিশ্ববিদ্যালয়ৰ ডিষ্টিংগুইষ্ট প্ৰফেছৰ পদ

দৰঙৰ সুসন্তান তথা আমেৰিকাৰ ছেম হিউষ্টন বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক ড০ হিৰণ্য কুমাৰ নাথ‌ নিৰ্বাচিত হৈছে বিশ্ববিদ্যালয়খনৰ “ডিষ্টিংগুইষ্ট প্ৰফেচৰ পদ”ৰ বাবে।আমেৰিকা প্ৰবাসী শিক্ষাবিদগৰাকীৰ এই বাতৰি বিয়পি পৰাৰ পিছতে আজি ওপজাভুমি উৎফুল্লিত হৈ পৰিছে।

উল্লেখ্য যে দৰঙৰ মঙলদৈ নিবাসী ড০ হিৰণ্য কুমাৰ নাথে ২০০২ বৰ্ষৰ পৰাই বিশ্ব বিখ্যাত বিশ্ববিদ্যালয় খনত অধ্যাপনা কৰি আহিছে। লক্ষণীয় যে ছাত্ৰাৱস্থাৰ পৰাই প্ৰচুৰ মেধাৰ স্বাক্ষৰ বহন কৰি অহা ড০ হিৰণ্য কুমাৰ নাথে ১৯৮৫চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে পঞ্চম স্থান অৰ্জন কৰি শৈক্ষিক জীৱনৰ প্ৰথমটো সফলতা অৰ্জন কৰিছিল।

আনহাতে ১৯৮৭ চনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান অৰ্জন কৰি পৰৱৰ্তী সময়ত অৰ্থনীতি বিষয় অধ্যয়নৰ বাবে বাছি লৈছিল। শ্ৰীৰাম কলেজৰ পৰা স্নাতক আৰু দিল্লী স্কুল অৱ ইকনমিক্সৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লৈ উচ্চ শিক্ষাৰ বাবে যোৱা ড০ হিৰণ্য নাথ আমেৰিকা অভিমুখী হৈছিল।

লক্ষণীয় যে সূদীৰ্ঘ সময় প্ৰবাসী হৈ থাকিলেও ড০ হিৰণ্য কুমাৰ নাথ আছিল শিপাৰ সৈতে সততে সংপৃক্ত হৈ থকা এগৰাকী ব্যক্তি। ব্যক্তিকেন্দ্ৰীক ব্যৱস্থাই গা কৰি উঠাৰ সময়তো বিদেশৰ পৰাই নিজৰ অঞ্চলৰ লোকখিনিক আগবঢ়ায় নিয়াৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে।

আনকি “গুড নেইবাৰহুড” শীৰ্ষক এক আন্দোলনৰ নেতৃত্ব দি নিজৰ অঞ্চলটৌৰ বহুকেইটা দুখীয়া  পৰিয়ালৰ গৃহ পৰ্যন্ত নিৰ্মাণৰ ব্যৱস্থা কৰি দিছিল। গাঁৱৰ ডেকাসকলক জড়িত কৰি এই ইতিবাচক কাৰ্যসূচী আগবঢ়াই নিছিল ড০ হিৰণ্য কুমাৰ নাথে।

সময় পালেই অসমলৈ অহা ড০ হিৰণ্য কুমাৰ নাথে আপোন গাঁও পিপৰা দোকান -নগাঁওলৈ আহি কেনেকৈ গাঁওখনক আগবঢ়াই নিয়াৰ বাবে অন্যান্য কাৰ্যসূচী গ্ৰহণ কৰিছিল। একেদৰে অসমৰ ছাত্ৰ ছাত্ৰী সকলক আগবাঢ়াই নিয়াৰ বাবেও প্ৰবাসী কেইবাগৰাকীও লোক একত্ৰিত হৈ অনলাইন মাধ্যমেৰে শৈক্ষিক কাৰ্যসূচীও গ্ৰহণ কৰি আহিছে।

প্ৰবাসত থাকিও শিপাৰ লগত সততে সংযুক্ত হৈ থকা অধ্যাপক ড০ হিৰণ্য কুমাৰ নাথৰ এই কৃতিত্ব‌ই আজি প্ৰতিগৰাকী অসমীয়াকে গৌৰৱান্বিত কৰি তুলিছে।

নিয়মীয়া বাৰ্তা, ছিপাঝাৰ, ১১ এপ্ৰিল

You might also like