নিয়মীয়া বাৰ্তা ডিজিটেল, ১৫ মাৰ্চঃ ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ প্ৰাক্তন উপ-সঞ্চালক প্ৰধান তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড০ কমল মল্ল বুজৰ বৰুৱাক শিক্ষা তথা গৱেষণা ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে হাৰিয়ানাৰ কাৰ্ণালস্থিত ৰাষ্ট্ৰীয় দুগ্ধ গৱেষণা প্ৰতিষ্ঠানে (NDRI) আজি ২০সংখ্যক শিক্ষা সমাৱৰ্তনত সন্মানীয় ডি.এছ.চি (DSc) ডিগ্ৰী প্ৰদান কৰে। স্মৰ্তব্য যে ইয়াৰ পূৰ্বে উত্তৰ প্ৰদেশৰ ভাৰতীয় পশু চিকিৎসা গৱেষণা প্ৰতিষ্ঠান (IVRI) আৰু উৰিষ্যাৰ কৃষি আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়েও ড০ বুজৰবৰুৱাক সন্মানীয় ডি.এছ.চি (DSc) ডিগ্ৰী প্ৰদান কৰিছিল। উল্লেখযোগ্য যে ড০ বুজৰবৰুৱাই সম্প্ৰতি ৰাষ্ট্ৰীয় কৃষি বিজ্ঞান একাডেমী (NAAS)ৰ উপ-সভাপতি পদত অধিষ্ঠিত হৈ আছে। সমগ্ৰ দেশৰ কৃষি তথা পশুপালন খণ্ডৰ ব্যক্তিসকলে বুজৰবৰুৱালৈ আগবঢ়োৱা এই সন্মানৰ বাবে সন্তোষ প্ৰকাশ কৰিছে। সমগ্ৰ দেশৰ কৃষি তথা পশুপালন খণ্ডৰ বিজ্ঞানী, শিক্ষক তথা ছাত্ৰ-ছাত্ৰীসকলে তেওঁলৈ এই অনবদ্য স্বীকৃতিৰ প্ৰদান কৰাৰ বাবে আনন্দ প্ৰকাশ কৰিছে।