নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰি চাপৰিত পথ মেৰামতিৰ নামত ব্যাপক অনিয়ম

নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ লখিমপুৰ জিলাৰ লোকনিৰ্মাণ বিভাগৰ অন্তৰ্গত ঢকুৱাখনা আৰু নাওবৈচা ক্ষেত্ৰীয় পথ সংমণ্ডলৰ অধীনস্থ সোণাৰি চাপৰি খেৰকটীয়া পথ মেৰামতিৰ নামত অসম ষ্টোৰ নামৰ পথ নিৰ্মাণকাৰী সংস্থাটোৱে চলোৱা ব্যাপক দুৰ্ণীতি আৰু অনিয়মৰ বিহিত ব্যৱস্থা গ্ৰহণ দাবী জনাইছে স্থানীয় ৰাইজে ৷ পথ নিৰ্মাণকাৰী সংস্থাটোৱে প্ৰায় ডেৰ কোটি টকা ব্যয় সাপেক্ষে ঘিলামৰা ঢকুৱাখনা আৰু সোণাৰি চাপৰি খেৰকটীয়া পথ দুটা মেৰামতিৰ নিবিদা লাভ কৰি সোণাৰি চাপৰি মাজুলী পথত কাম আৰম্ভ কৰে যদিও নিৰ্মাণৰ পিছতেই পথৰ ব্লেক টেপিঙৰ অংশ এৰাই যোৱাত বাই চাইকেলখনো চলাব নোৱাৰা অৱস্থা হৈ পথ অংশ অধিক কদৰ্যময় হৈ পৰিছে৷ পথ নিৰ্মাণকাৰী সংস্থাটোৱে সোণাৰি চাপৰি মাজুলী পথটোৰ ভগা চিগা অংশসমুহ মেৰামতিৰ নামত অতি নিম্নমানৰ কাম কৰাত মেৰামতিৰ দুদিনমানৰ পিছতেই ব্লেক টেপিং এৰাই অহাত তীব্ৰ ক্ষুভ ব্যক্ত কৰি সংস্থাটোৰ পৰিৱতে কাম চোৱা চিতা কৰা লোকনিৰ্মাণ বিভাগৰ কৰ্মচাৰী সকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী তুলিছে স্থানীয় ৰাইজে৷ পথটোৰ ভগা অংশ সমুহ মেৰামতি কৰাৰ সময়ত সম্পুৰ্ণকৈ চাফা নকৰি যধেমধে ব্লেক ট্ৰপিঙেৰে মেৰামতি কৰাৰ বাবেই পথটোৰ সোমদিয়া দলংখন এপ্ৰচৰ পৰা কেকুঁৰি বেবেজীয়া ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সমীপলৈকে, কেকুঁৰি মধুপুৰ অংশ আৰু দলাপুৰ দলঙৰ এপ্ৰচটোলৈকে বখলাবখলে এৰাই যোৱাত পথটোা অৱস্থা অধিক শোচনীয় হৈ পৰাত জীয়াতু ভোগিব লগা হৈছে পথচাৰী, বাই চাইকেল আৰু বাইক আৰোহীসকল৷ এইক্ষেত্ৰত লোকনিৰ্মাণ বিভাগৰ ঢকুৱাখনা আৰু নাওবৈচা ক্ষেত্ৰীয় সংমণ্ডলৰ অন্তগত দায়িত্বশীল কৰ্মচাৰীসকলকেই অধিক জগৰীয়া কৰি উক্ত কামৰ চোৱাচিতাৰ দায়িত্বত থকা কৰ্মচাৰীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো দাবী জনাই ঢকুৱাখনা উপ-জিলাৰ অতিৰিক্ত আয়ুক্তগৰাকীৰ হস্তক্ষেপৰো দাবী জনাইছে স্বানীয় ৰাইজে ৷

প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি

You might also like