নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড° মাধুৰ্যমণ্ডিত বৰুৱালৈ ৰাষ্ট্ৰীয় শৈক্ষিক উদ্ভাৱন বঁটা

চণ্ডীগড়স্থিত আন্তঃৰাষ্ট্ৰীয় স্তৰৰ শৈক্ষিক আৰু গৱেষণা সংস্থা ইণ্টাৰনেশ্যনেল ইনষ্টিটিউট অৱ অৰ্গেনাইজড্ ৰিছাৰ্চ (i2OR)-এ মৌলিক গৱেষণা আৰু শৈক্ষিক ক্ষেত্ৰত আগবঢ়োৱা উদ্ভাৱনামূলক অৱদানৰ স্বীকৃতি স্বৰূপে আউনীআটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক, বিশিষ্ট গৱেষক আৰু ইতিহাসবিদ ড° মাধুৰ্য্যমণ্ডিত বৰুৱাক ২০২৬ চনৰ ৰাষ্ট্ৰীয় শৈক্ষিক উদ্ভাৱন বঁটা (National Academic Innovation Award 2026)-ৰ বাবে মনোনীত কৰিছে।

আন্তঃৰাষ্ট্ৰীয় পৰিসৰত গৱেষণা আৰু শৈক্ষিক উদ্ভাৱনাৰ ক্ষেত্ৰত কাম কৰি অহা i2OR-এ অসমৰ ইতিহাস-চৰ্চাক মুখ্য কৰি আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানৰ বাবেই ড° বৰুৱাক উক্ত বঁটাৰ বাবে বাছনি কৰে। সাহিত্য অকাদেমিৰ অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ সদস্য ড° বৰুৱাই তিনিটা খণ্ডত ছহেজাৰ বছৰৰ অসম ইতিহাস সামৰি ৰচিত ‘অসম বুৰঞ্জী’ গ্ৰন্থখন প্ৰণয়ন কৰি এককভাৱে এটা বিশাল আৰু ঐতিহাসিক গুৰুত্বপূৰ্ণ কাম সম্পন্ন কৰি জাতিটোলৈ অমূল্য অৱদান আগবঢ়াইছে।

পোন্ধৰ বছৰ বয়সতেই ১৯৯০ চনত সাংবাদিকতাৰ মাজেৰে কৰ্মজীৱন আৰম্ভ কৰা ড° বৰুৱাই ওঠৰ বছৰ বয়সতে ‘গণতন্ত্ৰ’ কাকতৰ সম্পাদনাৰ দায়িত্ব গ্ৰহণ কৰে। তেওঁ অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক হোৱাৰ লগতে বৰ্তমানে অসম সাহিত্য সভাৰ কৰ্ণধাৰ সমিতিৰ সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছে।

১৯৭৫ চনত নগাঁৱত জন্মগ্ৰহণ কৰা ড° মাধুৰ্য্যমণ্ডিত বৰুৱাই স্বল্প সময়ৰ ভিতৰতে অসমীয়া গৱেষণাৰ ক্ষেত্ৰখনলৈ বহুকেইটা গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। ‘অসম বুৰঞ্জী’-ৰ উপৰি তেওঁৰ উল্লেখযোগ্য গৱেষণা গ্ৰন্থসমূহৰ ভিতৰত আছে- কলিতা জাতিৰ ইতিহাস, অসমীয়া মহাভাৰতীয় সাহিত্য, বেজবৰুৱাৰ জন্মস্থান, ৰাম সৰস্বতী, আধুনিক অসম আৰু শঙ্কৰদেৱ চৰ্চা, সাংবাদিকতাত নগাঁও (১৮৪৬–১৯৯৯), শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মস্থান আদি। ২০২৫ চনত তেওঁৰ উপন্যাস ‘দাশৰথি-দশগ্ৰীৱ’ প্ৰকাশ পাইছে।

ইতিমধ্যেই ড° বৰুৱাই ৰূপান্তৰ গোষ্ঠীৰ ‘ৰাম সৰস্বতী বঁটা’ (২০১৮), বিৰিণা গোষ্ঠী অসমৰ ‘বিৰিণা সাহিত্য বঁটা’ (২০২১), চাইনিং গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ ‘ৰঞ্জু হাজৰিকা সাহিত্য বঁটা’ (২০২২), ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অপৰাধ নিয়ন্ত্ৰণ ব্যুৰো, অসমৰ মানৱ অধিকাৰ বঁটা (২০২৩) লাভ কৰিছে।

ইয়াৰ উপৰি তেওঁ কৰ্মযোগী বঁটা (২০২২), পৰেশ বৈশ্য ফাউণ্ডেশ্যনৰ অসম ইতিহাস গৱেষণা বঁটা (২০২৪), ড° আবু হানিফা স্মৃতি ন্যাসৰ সংবাদ সাহিত্য বঁটা (২০২৫) আৰু ‘কাব্য সাৰস্বত সন্মান’ (২০১৩)ৰে সন্মানিত হৈছে। আউনীআটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° বৰুৱাই উক্ত বঁটা লাভ কৰাত বিশ্ববিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকা লগতে বিষয়া-কৰ্মচাৰীসকলে ড° বৰুৱালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে। তেওঁলোকে এই সাফল্যক আউনীআটী বিশ্ববিদ্যালয়ৰ বাবে গৌৰৱৰ বিষয় বুলি উল্লেখ কৰিছে।

নিয়মীয়া বাৰ্তা, কাকজান, ১৬ জানুৱাৰী

You might also like