নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

 আলফা (স্বাঃ)ৰ কেডাৰ ধনঞ্জয় অসমৰ আত্মসমৰ্পণ 

ভোগালী বিহুৰ আনন্দ-উল্লাহৰ মাজতেই চুবুৰীয়া ৰাজ নাগালেণ্ডৰ মন টাউনত আলফা (স্বাধীন)ৰ দুধৰ্ষ কেডাৰ ধনঞ্জয় অসম ওৰফে অমৰজোতি মৰাণ (২৪)য়ে আত্মসমৰ্পণ কৰিছে।

উল্লেখ যে তিনিচুকীয়া জিলাৰ পানেৰী আৰক্ষী থানাৰ অন্তৰ্গত নলনী গাঁৱৰ পৱন মৰাণৰ পুত্ৰ অমৰজোতি মৰাণে প্ৰায় ৫ টা বছৰৰ পূৰ্বেই আলফা (স্বাধীন)ত যোগদান কৰিছিল আৰু পৰবৰ্তী সময়ত মানমাৰৰ দুৰ্গম অৰণৰ শিৱিৰত সামৰিক প্ৰশিক্ষণ গ্ৰহণ কৰে।

স্বাস্থজনিত কাৰণত আলফা (স্বাঃ)ৰ পৰা ওলাই অহা ধনঞ্জয় অসমে প্ৰায় এটা পষেকৰ পূৰ্বেই নাগালেণ্ডৰ মন জিলাত আশ্ৰয় গ্ৰহণ কৰি আত্মসমৰ্পণৰ বাবে প্ৰচেষ্টা চলায়। সেই অনুসৰি চৰাইদেউ আৰক্ষী, নাগালেণ্ডৰ মন আৰক্ষী, ২৩ আছাম ৰাইফলছ, চি আৰ পি এফ (কিউ এ টি)  আৰু সেনা বাহিনীৰ চোৰাংচোৱাৰ যৌথ প্ৰচেষ্ঠাত অমৰজোতি মৰাণ ওৰফে ধনঞ্জয় অসমে চৰাইদেউ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ সক্ষম হয়।

লক্ষণীয় যে, আত্মসমৰ্পণৰ সময়ত ধনঞ্জয় অসমে কোনো অস্ত্ৰ-শস্ত্ৰ জমা দিয়া নাই। নাগালেণ্ডৰ মন জিলাৰ পৰা চৰাইদেউ আৰক্ষীয়ে আলফা (স্বাঃ) ধনঞ্জয় অসমক নিজৰ জিম্মাত লয় আৰু ধনঞ্জয়ৰ প্ৰাথমিক স্বাস্থ্য পৰীক্ষা কৰোৱাৰ অন্তত অধিক সোধাপোছাৰ বাবে সম্প্ৰতি সোণাৰি আৰক্ষী থানাত ৰখা হৈছে।

বিশেষ বাৰ্তা, সোণাৰি, ১৬ জানুৱাৰী

You might also like