নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমলৈ আৰু ভোট দিবলৈ নাহে ড০ মনমোহন সিং; গুৱাহাটীৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰিলে ভোট

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ অসমলৈ আৰু ভোট দিবলৈ নাহে প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিং৷ বিগত লোকসভা নির্বাচনৰ পাছতে তেওঁ অসমৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰিছে পত্নীসহ নিজৰ ভোট৷ ১৯৯১ চনৰ পৰা প্রাক্তন প্রধানমন্ত্রীগৰাকীয় দিছপুৰ সমষ্টিত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি আহিছে৷

বিগত বিধানসভা আৰু লোকসভা নির্বাচনৰ সময়ত তেওঁ পত্নীসহ আহি গুৱাহাটীৰ দিছপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় ভোটকেন্দ্রত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি আহিছে৷

উল্লেখ্য যে ৰাজ্যৰ প্রাক্তন মুখ্যমন্ত্রী প্রয়াত হিতেশ্বৰ শইকীয়াৰ গুৱাহাটীস্থিত ভাৰাঘৰৰ বাসিন্দা হিচাপে আছিল ড০ মনমোহন সিং৷ ১৯৯১ চনত তেওঁক কেন্দ্রীয় বিত্তমন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰাৰ সময়ত অসমৰ ৰাজ্যসভাৰ পৰা সাংসদ হিচাপে মনোনীত হৈছিল৷ ড০ সিঙক অসমৰ প্রতিনিধি হিচাপে পঠিওৱাৰ ক্ষেত্রত আগভাগ লৈছিল প্রয়াত হিতেশ্বৰ শইকীয়াই৷ সৰুমটৰীয়াস্থিত বাসগৃহত ভাৰাতীয়া হিচাপে ড০ সিঙক ঠিকনা প্রদান কৰি ৰাজ্যসভাৰ সাংসদ হিচাপে তেওঁ মনোনীত হৈছিল৷ তেতিয়াৰ পৰাই প্রাক্তন প্রধানমন্ত্রীগৰাকীয় পত্নী গুৰুচৰণ কৌৰৰ সৈতে দিছপুৰ সমষ্টিত ভোটাধিকাৰ সাব্যস্ত কৰি আহিছে৷

পৰৱর্তী সময়ত দেশৰ প্রধানমন্ত্রী হিচাপে দায়িত্বভাৰ গ্রহণ কৰাৰ সময়তো তেওঁ অসমৰ পৰাই সাংসদ হিচাপে মনোনীত হৈছিল৷ প্রায় ২৮ বছৰ কাল তেওঁ অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে প্রতিনিধিত্ব কৰে৷ অৱশ্যে ২০১৯ চনত তেওঁৰ ৰাজ্যসভাৰ সাংসদ হিচাপে কার্যকাল অন্ত পৰে৷ পৰৱর্তী সময়ত তেওঁক সাংসদ হিচাপে পুনৰ নির্বাচিত কৰাৰ ক্ষেত্রত প্রয়োজনীয় সংখ্যা নথকাত তেওঁ প্রার্থিত্ব প্রদান কৰাৰ পৰা বিৰত থাকে৷ ২০১৯ চনৰ লোকসভা নির্বাচনত তেওঁ শেষবাৰৰ বাবে গুৱাহাটীলৈ ভোটদানৰ বাবে আহিছিল৷

ৰাজ্যসভাৰ কার্যকাল শেষ হোৱাৰ পাছতে তেওঁৰ ভোট স্থানান্তৰ কৰাক লৈ সচেতন মহলত সৃষ্টি হৈছে প্রতিক্রিয়াৰো৷ কিয়নো কার্যকাল শেষ হোৱাৰ লগে লগে প্রাক্তন প্রধানমন্ত্রীগৰাকীৰ্ অসমৰ প্রতি মোহ ভংগ হ’ল নেকি বুলিও একাংশই প্রশ্ণ উত্থাপন কৰিছিল৷ এগৰাকী প্রধানমন্ত্রী হিচাপে অসমলৈ ড০ মনমোহন সিং পত্নীসহ গুৱাহাটীলৈ আহি ভোটদান কৰাটো অসমবাসীৰ বাবে এক গৌৰৱৰ বিষয় হিচাপে বিবেচিত হৈছিল৷

You might also like