নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাজোঁটৰ বন্ধু কংগ্রেছ ইউডিএফৰ প্রচণ্ড মাৰপিটত আহত ১০; দেৱৰগাঁৱত বিপিএফ কার্যালয়ত অগ্নিসংযোগ

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ বৰপেটা জিলাৰ ৪৬নং সৰুক্ষেত্রী বিধানসভা সমষ্টিত ব্যাপক নির্বাচনী হিংসা অব্যাহত আছে৷ দেওবাৰে সন্ধিয়া কয়াকুছিৰ সমীপৰ কুৰিহাত কংগ্রেছ আৰু এ আই ইউ ডি এফ দলৰ কর্মীৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হয়৷ উক্ত মাৰপিটৰ ঘটনাত এ আই ইউ ডি এফ দলৰ কমেও দহজন সমর্থক গুৰুতৰভাৱে আহত হয়৷ আহতসকলৰ ভিতৰত বাইসাগাঁৱৰ আলেপ খান, কৈফিয়ত আলী আৰু পাকা বেতবাৰী মণ্ডল কংগ্রেছৰ প্রাক্তন সভাপতি তথা কয়াকুছি নিৱাসী দেলুৱাৰ হুছেইনো থকা বুলি অভিযোগ পোৱা গৈছে৷

সৰুক্ষেত্রীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ ঘৰৰ সমীপতে কুৰিহাগাঁৱত উক্ত দুয়ো দলৰ কর্মীৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হয়৷ কংগ্রেছ প্রার্থী জাকিৰ হুছেইন শিকদাৰৰ সমর্থকে এ আই ইউ ডি এফৰ কর্মীক মাৰপিট কৰাৰ অভিযোগ তুলিছে এ আই ইউ ডি এফ দলৰ কর্মীসকলে৷ এই ঘটনাৰ বিৰুদ্ধে ইতিমধ্যে কয়াকুছি আৰক্ষী চকীত এ আই ইউ ডি এফ দলৰ ফালৰ পৰা গোচৰ ৰুজু কৰা হৈছে৷

উল্লেখ্য যে দেওবাৰে সৰুক্ষেত্রীৰ কয়াকুছি বজাৰত বদৰুদ্দিন আজমলে সৰুক্ষেত্রী সমষ্টিৰ এ আই ইউ ডি এফ দলৰ প্রার্থী মীনাক্ষি ৰহমানৰ হকে অনুষ্ঠিত এখন নির্বাচনী সভাত অংশগ্রহণ কৰিছিল৷ মীনাক্ষি ৰহমানৰ সভালৈ অহা সমর্থকসকলক কংগ্রেছ দলৰ কর্মীসকলে সভালৈ যোৱাত বাধা প্রদান কৰাৰ লগতে পথত আগচি ধৰি মাৰপিট কৰাৰ অভিযোগ কৰিছে এ আই ইউ ডি এফ সমর্থকসকলে৷ তেওঁলোকৰ বাধা নামানি এ আই ইউ ডি এফৰ প্রার্থী মীনাক্ষি ৰহমানৰ সভালৈ অহা সমর্থকৰ লগত কংগ্রেছ কর্মীৰ মাজত প্রথমে কথাৰ কটাকটি আৰু পাছত এ আই ইউ ডি এফৰ কর্মীৰ ওপৰত আক্রমণ কৰা বুলি অভিযোগ কৰিছে এ আই ইউ ডি এফ কর্মীয়ে৷

আনহাতে, সৰুক্ষেত্রীৰ বিধায়ক তথা কংগ্রেছ দলৰ প্রার্থী জাকিৰ হুছেইন শিকদাৰৰ কুৰিহাৰ নিজ ঘৰৰ সমীপতে এখন নির্বাচনী সভা অনুষ্ঠিত হৈ আছিল৷ সভা চলি থকাৰ মাজতে এ আই ইউ ডি এফ দলৰ একাংশ কর্মীয়ে সন্মুখৰ পথেৰে কেইবাৰো উচ্চস্তৰত ডি জে বজাই অহা–যোৱা কৰি থকাত একাংশ কংগ্রেছ কর্মীয়ে বাধা প্রদান কৰাৰ ফলতে মাৰপিটৰ ঘটনা সংঘটিত হয় বুলি অভিযোগ কৰিছে৷ ইফালে, কুৰিহাত উক্ত মাৰপিটৰ ঘটনা সংঘটিত হোৱাৰ পাছতে প্রায় ২০ কিলোমিটাৰ দূৰত্বৰ বাইসাত আন এক কাজিয়াৰ সূত্রপাত হয়৷

কংগ্রেছ দলৰ প্রার্থী জাকিৰ হুছেইন শিকদাৰৰ আন এখন সভা বৰমাৰা বজাৰত অনুষ্ঠিত হৈছিল৷ উক্ত সভাৰ পৰা কংগ্রেছ দলৰ একাংশ কর্মীয়ে গাডীৰে ঘূৰি আহি থকা অৱস্থাত কুৰিহাত মাৰপিটৰ ঘটনাত আহত আলেপ খান আৰু কৈফিয়ত আলী নিজ গাঁও বাইসাত এ আই ইউ ডি এফ দলৰ একাংশ কর্মীয়ে কংগ্রেছ দলৰ কর্মীৰ ওপৰত আক্রমণ চলায়৷ নির্বাচনৰ প্রাক্মুহূর্তত সৰুক্ষেত্রী সমষ্টিত এনেদৰে বিক্ষিপ্ত ঘটনা সংঘটিত হৈ থকাত সমগ্র অঞ্চলটোতে চেপা উত্তেজনা বিৰাজ কৰিছে৷

কোকৰাঝাৰত নির্বাচনী হিংসাঃ বিটিআৰৰ কার্যবাহী সদস্যৰ গাড়ীত আক্রমণ

নির্বাচনৰ প্রাক্ক্ষণত কোকৰাঝাৰত আৰম্ভ হৈছে নির্বাচনী হিংসা৷ সোমবাৰে নিশা বিটিআৰৰ বনৰগাঁও সমষ্টিৰ পাথৰঘাটত একাংশ লোকে ধন বিলাবলৈ যোৱাৰ অভিযোগ তুলি স্বাস্থ্য বিভাগৰ কার্যবাহী সদস্য অৰূপ কুমাৰ দে’ৰ বাহনত আক্রমণ কৰে৷

প্রাপ্ত তথ্য মতে কার্যবাহী সদস্য দে’ই নিশা প্রায় ১০.৩০ বজাত পাথৰঘাট পোৱাৰ সময়তে একাংশ লোকে তেওঁৰ বাহনক আগচি ধৰে৷ উত্তেজিত ৰাইজে ধন বিলাবলৈ অহাৰ অভিযোগ তুলি তেওঁৰ গাড়ীত আক্রমণ কৰে৷ প্রাণ ৰক্ষা কৰিবলৈ গাড়ীৰ পৰা নামি পলায়ন কৰিবলৈ বাধ্য হয় বিটিআৰৰ কার্যবাহী সদস্য দে’৷

লক্ষণীয় যে কালি নিশা কোকৰাঝাৰ চহৰৰ নাতিদূৰৈৰ দেৱৰগাঁৱস্থিত বি পি এফৰ দেৱৰগাঁও প্রাইমাৰী কার্যালয়ত দুষৃকতিকাৰীয়ে অগ্ণিসংযোগ কৰি ভস্মীভূত কৰে৷ অগ্নিসংযোগৰ ফলত বি পি এফৰ প্রাইমাৰী কার্যলয়টোৰ লগতে কার্যালয়টোত থকা আচবাব–পত্র, সকলো সা–সামগ্রী সম্পূর্ণৰূপে ভস্মীভূত হয়৷

You might also like