ড০ শর্মাৰ কেবিনেটৰ ৫ নতুন মুখ
ৰঞ্জিত দাস–ইউ জি ব্রহ্ম–ডাঃ ৰণোজ পেগু–শোক সিংঘল–বিমল বৰাই প্রথমবাৰৰ বাবে মন্ত্রীসভাত স্থান পালে
নিয়মীয়া বাৰ্তা ১১ মেঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত সোমবাৰে ১৪জনীয়া অসম মন্ত্রীসভাই শপতগ্রহণ কৰে৷ এই মন্ত্রীসভাত মিত্রদল অগপৰ দুজন আৰু ইউ পি পি এলৰ এজন প্রতিনিধি অন্তর্ভুক্ত হৈছে৷ সোমবাৰে শপতগ্রহণ কৰা ড০ শর্মাৰ কেবিনেটত অন্তর্ভুক্ত হ’ল ৫খন নতুন মুখ৷
অসম মন্ত্রীসভাত প্রথমবাৰৰ বাবে স্থান লাভ কৰা মন্ত্রী পাঁচগৰাকী হৈছে– ৰাজ্যিক বিজেপিৰ সভাপতি তথা পাটাছাৰকুছি সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাস, চাপাগুৰি সমষ্টিৰ ইউ পি পি এলৰ বিধায়ক উর্খাও গৌৰা ব্রহ্ম, ধেমাজি সমষ্টিৰ বিজেপি বিধায়ক ডাঃ ৰণোজ পেগু, ঢ়েকীয়াজুলি সমষ্টিৰ বিজেপি বিধায়ক অশোক সিংঘাল আৰু টিংখাং সমষ্টিৰ বিজেপি বিধায়ক বিমল বৰা৷
সেইদৰে সোমবাৰে নতুন চৰকাৰৰ মন্ত্রী হিচাপে শপতগ্রহণ কৰা অতুল বৰা, পৰিমল শুক্লবৈদ্য, চন্দ্রমোহন পাটোৱাৰী, কেশৱ মহন্ত, সঞ্জয় কিষাণ, যোগেন মহন আৰু পীয়ূষ হাজৰিকা পূর্বৰ সর্বানন্দ সোণোৱাল নেতৃত্বাধীন মন্ত্রীসভাতো মন্ত্রী হিচাপে আছিল৷ অৱশ্যে সঞ্জয় কিষাণ, যোগেন মহন আৰু পীয়ূষ হাজৰিকা স্বতন্ত্র ৰাজ্যিক মন্ত্রীৰ দায়িত্বত আছিল৷
সোমবাৰে ড০ শর্মাৰ নেতৃত্বত গঠিত মন্ত্রীসভাত এওঁলোকে কেবিনেটৰ মর্যাদা লাভ কৰিছে৷ আনহাতে, বিজেপি চৰকাৰত প্রথমবাৰৰ বাবে মন্ত্রী হিচাপে অন্তর্ভুক্ত হৈছে গোলাঘাটৰ বিজেপি বিধায়িকা অজন্তা নেওগ৷ নেওগ পূর্বৰ কংগ্রেছ চৰকাৰৰ আমোলত তিনিটাকৈ কার্যকালত মন্ত্রীৰ গুৰুদায়িত্বত আছিল৷
ইপিনে এইবাৰ নির্বাচনত নিজ সমষ্টিৰ পৰা জয়লাভ কৰি অহা সত্ত্বেও সোমবাৰে গঠিত মন্ত্রীসভাত স্থান নাপালে পূর্বৰ ৫ মন্ত্রীয়ে৷ তেওঁলোক হৈছে– সিদ্ধার্থ ভট্টাচার্য (পূব গুৱাহাটী), ৰঞ্জিত দত্ত (বিহালী), ফণীভূষণ চৌধুৰী (বঙাইগাঁও), নৱ কুমাৰ দলে (ঢ়কুৱাখনা) আৰু ভৱেশ কলিতা (ৰঙিয়া)৷ অৱশ্যে অসম মন্ত্রীসভাত এতিয়াও ৫টা পদ খালী আছে৷ অনাগত দিনত হ’বলগীয়া সম্ভাব্য সম্প্রসাৰণত আজি মন্ত্রীসভাত স্থান লাভ নকৰা সেইসকল পূর্বৰ মন্ত্রীৰ কিমানজন অন্তর্ভুক্ত হ’ব, সেয়া সময়তহে ক’ব পৰা যাব