নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ ড০ শর্মাৰ

নিয়মীয়া বাৰ্তা, ১ জুনঃ মুখ্যমন্ত্রী হিচাপে দায়িত্বভাৰ গ্রহণৰ পাছত প্রথমবাৰ দিল্লী ভ্রমণলৈ যোৱা ড০ হিমন্ত বিশ্ব শর্মাই দেওবাৰে বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাক সাক্ষাতৰ পাছত সোমবাৰে সন্ধিয়া কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক তেওঁৰ চৰকাৰী বাসভৱনত সাক্ষাৎ কৰে৷

প্রায় ডেৰ ঘণ্টাজুৰি চলা এই সাক্ষাৎকাৰত ৰাজ্যৰ বিভিন্ন দিশসমূহ আলোচনা কৰা বুলি জানিব পৰা গৈছে৷

আনহাতে, আজি ১০ বজাত উপ–ৰাষ্ট্রপতি ভেংকায়া নাইডুক সাক্ষাৎ কৰিব মুখ্যমন্ত্রী ড০ শর্মাই৷ ইয়াৰ পাছতে কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰিকো সাক্ষাৎ কৰিব মুখ্যমন্ত্রীয়ে৷

ইয়াৰ পূর্বে দিল্লী ভ্রমণৰ দ্বিতীয় দিনা অর্থাৎ কালি পুৱাৰ ভাগত মুখ্যমন্ত্রী ড০ শর্মাই উদাসীন আশ্রমৰ ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ কার্যালয়ত উপস্থিত হৈ বিভিন্নজনৰ সৈতে বার্তালাপত মিলিত হয়৷ ইয়াৰ পাছতে অসম হাউছলৈ উভতি অহা মুখ্যমন্ত্রীয়ে ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে ৰাজ্যৰ কেইবাখনো চৰকাৰী বৈঠকত অংশ লয়৷

দিল্লী ভ্রমণৰ সবিশেষ সম্পর্কত মুখ্যমন্ত্রীৰ কার্যালয়ে এতিয়ালৈ কোনো তথ্য সদৰী কৰা নাই যদিও দুই–এদিনতে ড০ শর্মাই প্রধানমন্ত্রী নৰেন্দ্র মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে৷ এই সাক্ষাতৰ পাছতে সংবাদ মেলযোগে বিস্তৃত তথা সাংবাদিকৰ আগত সদৰী কৰিব বুলি মুখ্যমন্ত্রীৰ কার্যালয়ৰ সূত্রই জানিবলৈ দিছে৷

You might also like