নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ ক’ৰোনা আক্রান্তৰ কাষত দেশৰ ২৫ বিশেষজ্ঞ চিকিৎসক

নিয়মীয়া বাৰ্তা, ১ জুনঃ ৰাজ্যত অব্যাহত আছে ক’ভিড–১৯ৰ বিভীষিকা৷ এই মাৰাত্মক ভাইৰাছত আক্রান্ত হৈ আপুনি বা আপোনাৰ পৰিয়ালৰ কোনো সদস্য হোম কোৱাৰেণ্টাইনত থাকিবলগীয়া হৈছে নেকি? অথবা ক’ভিডোত্তৰ কিবা জটিলতাৰ সন্মুখীন হৈছে? এনে সংকটৰ সময়ত আপুনি শংকিত হোৱাৰ প্রয়োজন      নাই৷ কাৰণ আপোনাক সহায় কৰিবলৈ আগবাঢ়ি আহিছে দেশৰ অভিজ্ঞ চিকিৎসকৰ এটা দল৷ বিভিন্ন বিভাগত বিশেষজ্ঞ চিকিৎসকৰ এই দলটোৰ পৰা অতি সহজে যিকোনো সময়তে সকলো ধৰণৰ প্রয়োজনীয় চিকিৎসা আৰু পৰামর্শ সম্পূর্ণ বিনামূলীয়াকৈ লাভ কৰাটো সম্ভৱপৰ৷

উল্লেখ্য যে ক’ৰোনা ভাইৰাছৰ দ্রুত সংক্রমণে ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰাৰ সময়তে অসমৰ ক’ভিড আক্রান্তক এনেধৰণে বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াবলৈ পদক্ষেপ গ্রহণ কৰিছে নতুন দিল্লীস্থিত মেক্স ছুপাৰ স্পেচিয়েলিটী হাস্পতালৰ নিউৰ’চার্জন অসম সন্তান ডাঃ হূষীকেশ চক্রৱর্তীৰ নেতৃত্বত ২৫জনীয়া অভিজ্ঞ বিশেষজ্ঞ চিকিৎসকৰ এটা দল৷ ইয়াৰ বাবে ডাঃ চক্রৱর্তীৰ একক প্রচেষ্টাত ‘ক’ভিড সাৰথি’ শীর্ষক এটা টেলি মেডিচিন প’র্টেল আৰম্ভ কৰা হৈছে৷

‘ক’ভিড সাৰথি’ৰ জৰিয়তে অসমবাসীক বিশেষজ্ঞ চিকিৎসকৰ দলটোৱে প্রয়োজনীয় চিকিৎসা সেৱা আগবঢ়াব৷ আজি ‘ক’ভিড সাৰথি’ মুকলি কৰি ইয়াৰ অন্যতম গুৰি ধৰোঁতা ডাঃ চক্রৱর্তীৰ লগতে নইডাৰ জে পি হাস্পতালৰ হেমাট’অংকল’জিষ্ট ডাঃ নিবেদিতা ধিংৰাই কয় যে অসমৰ যিকোনো প্রান্তৰ লোকে ‘ক’ভিড সাৰথি’ৰ চিকিৎসকসকলক যিকোনো সময়তে টোল ফ্রী নম্বৰ ১৮০০–৮৩৩০০৬২ত ফোন কৰি অথবাwww.covidsarathi.comৰ জৰিয়তে চিকিৎসা সম্পর্কীয় প্রয়োজনীয় পৰামর্শ আৰু চিকিৎসা গ্রহণ কৰিব৷ তদুপৰি ভিডি’ কল, হোৱাটছএপ আৰু ছ’চিয়েল মিডিয়াৰ লিংকৰ সহায়তো আর্তজনে তাৎক্ষণিকভাৱে চিকিৎসা সেৱা গ্রহণ কৰিব পাৰিব৷

ক’ভিড–১৯ৰ বাদেও আন ৰোগত আক্রান্ত লোকেও ‘ক’ভিড সাৰথি’ৰ জৰিয়তে চিকিৎসা সেৱা ল’ব পাৰিব৷ ‘ক’ভিড সাৰথি’ৰ বিশেষজ্ঞ চিকিৎসকৰে অনলাইন সংযোগ হোৱাৰ পাছত ৰোগীৰ ৰোগ সন্দর্ভত সবিশেষ অৱগত হৈ সঠিক ঔষধ আৰু ল’বলগীয়া ব্যৱস্থাৰ বিষয়ে অৱগত কৰিব৷ দূৰৱর্তী অঞ্চলত চিকিৎসা সেৱা আগবঢ়াই থকা চিকিৎসকসকলেও ‘ক’ভিড সাৰথি’ৰ বিশেষজ্ঞ চিকিৎসকৰ সৈতে যোগাযোগ কৰি গ্রহণ কৰিব পাৰিব সঠিক পৰামর্শ৷ ডাঃ চক্রৱর্তী আৰু ডাঃ ধিংৰাই পুনৰ কয়– আমাৰ বাবে প্রতিটো জীৱনেই মূল্যৱান৷

বর্তমান আমাৰ স্বাস্থ্যসেৱা ব্যৱস্থাৰ ওপৰত অত্যধিক হেঁচা পৰিছে৷ এনে সময়ত মহামাৰীত আক্রান্ত লোকসকলক সেৱা আগবঢ়াবলৈ পাই আমি নিজকে বহুত সৌভাগ্যৱান অনুভৱ কৰিছোঁ৷ আমাৰ এটাই লক্ষ্য আৰু উদ্দেশ্য– ‘ক’ভিড সাৰথি’ৰ জৰিয়তে ৰোগী আৰু চিকিৎসা সেৱাৰ মাজৰ ব্যৱধান পূৰণ কৰা৷ এইক্ষেত্রত চিকিৎসকদ্বয়ে জনসাধাৰণৰ সহায়–সহযোগিতা কামনা কৰে৷

You might also like