নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মমতা বেনার্জীৰ দুর্গ কলকাতাত ড০ শর্মাক উষ্ম আদৰণি

🔹 ‘ওড়িশাতো হ’ব বিজেপিৰ চৰকাৰ’
🔹 ‘বিশ্ব হিন্দু পৰিষদে কংগ্রেছক ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠালৈ আমন্ত্রণ কৰাটোৱেই ভুল হৈছিল’

ষ্টাফ ৰিপ’ৰ্টাৰ, ১৪ জানুৱাৰী : পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীৰ দুর্গ কলকাতাত কালি অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক বংগৰ জনসাধাৰণে উষ্ম আদৰণি জনায়৷ কলকাতা বিমানবন্দৰত পুষ্পবৃষ্টিৰে মুখ্যমন্ত্রী ড০ শর্মাক বিপুলভাৱে আদৰি নিয়াৰ লগতে অসমৰ দৰে পশ্চিমবংগৰ ভাগিনসকলেও ‘মামা’ সম্বোধন কৰি ‘মামা হেপ্পী বিহু’ বুলি কৈ বিহুৰ শুভেচ্ছা জনায়৷ ইপিনে, কালি ওড়িশাত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ওড়িশাতো বিজেপিৰ বিকাশ হৈছে৷ সময়ত ওড়িশাত বিজেপিৰ সংগঠনো হ’ব, চৰকাৰো হ’ব৷ ওড়িশাৰো পৰিৱর্তনৰ পোষকতা কৰি মুখ্যমন্ত্রী ড০ শর্মাই ওড়িশাবাসীক মোদীৰ লগতে আগবঢ়াৰ আহ্বান জনায়৷ ইপিনে, ৰাম মন্দিৰৰ পুনৰ প্রাণ প্রতিষ্ঠা অনুষ্ঠানৰ আমন্ত্রণ প্রত্যাখ্যান কৰা কংগ্রেছক সমালোচনা কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিশ্ব হিন্দু পৰিষদে কংগ্রেছ দলক আমন্ত্রণ কৰি পাপ মোচনৰ সুযোগ দিছিল৷ কিন্তু কংগ্রেছে সেই সুযোগৰ সদ্ব্যৱহাৰ নকৰিলে৷ জৱাহৰলাল নেহৰুৰ পৰা ৰাহুল গান্ধীলৈকে আফগানিস্তানলৈ গৈ বাবৰক দর্শন কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে তেওঁলোকৰ বাবৰৰ লগত প্রেম, ৰামৰ প্রতি আস্থা নাই৷ আচলতে বিশ্ব হিন্দু পৰিষদে কংগ্রেছক মতাটোৱেই ভুল হৈছিল৷ তেওঁকহে মাতিব লাগে যাৰ শ্রীৰামৰ ওপৰত আস্থা আছে৷ ৰাহুল গান্ধী, ছোনিয়া গান্ধীৰ সন্মুখত ৰাম আৰু বাবৰক থিয় কৰাই দিলে প্রথমে বাবৰকহে প্রণাম কৰিব৷ মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে ৰাম মন্দিৰলৈ কংগ্রেছ নগ’লে ভালেই হ’ব, শান্তি হ’ব৷ কিয়নো কংগ্রেছে ৰাম মন্দিৰ নহ’বলৈ এক পৰিৱেশেই সৃষ্টি কৰিছিল৷ ইপিনে, ইণ্ডিয়া জোঁট বন্ধনৰ অংশীদাৰ দলৰ আসন বুজাবুজিৰ প্রসংগত সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে তেওঁলোকে আসন বুজাবুজি কৰে, নকৰে আমাৰ একো নাই৷ কিন্তু তেওঁলোকে কাজিয়াও কৰিব, মিলিও থাকিব৷ ইফালে, দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালক এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেট (ইডি)–এ বাৰে বাৰে উপস্থিত হ’বলৈ চমন জাৰি কৰাৰ পাছতো দিল্লীৰ মুখ্যমন্ত্রীগৰাকী উপস্থিত নোহোৱাৰ প্রসংগত সাংবাদিকৰ প্রশ্ণৰ উত্তৰত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে তেওঁ হয়তো ইডিৰ ওচৰলৈ অস্থায়ীভাৱে যোৱাৰ পৰিৱর্তে স্থায়ীভাৱে যাব বিচাৰিছে৷ যাৰ বাবে বাৰে বাৰে চমন জাৰিৰ পাছতো তেওঁ ইডিৰ কার্যালয়ত উপস্থিত হোৱা নাই৷

You might also like