নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অন্ধ্রপ্রদেশৰ বিষয়াৰ চালকৰ শহুৰেকৰ ঘৰত বন্দুক, সোণ, নগদ ধন জব্দ

নিয়মীয়া বাৰ্তা, ২১ আগষ্টঃ অন্ধ্রপ্রদেশৰ কোষাগাৰ বিভাগৰ বিষয়া এগৰাকীৰ চালকৰ শহুৰেকৰ বাসগৃহত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ সোণ, ৰূপ, নগদ ধন, বন্দুক, বিলাসী বাহন জব্দ কৰাক লৈ চাঞ্চল্য সৃষ্টি হৈছে৷

কোষাগাৰ বিভাগত কর্মৰত বিষয়াগৰাকীয়ে বিলকে ধৰি বিভিন্ন অসৎ পন্থাৰে উপার্জিত এই বৃহৎ পৰিমাণৰ ধন বিষয়াগৰাকীৰ চালকৰ শহুৰেকৰ ঘৰত জমা কৰি ৰাখিছিল৷ গোপন সূত্রৰ পমখেদি আৰক্ষীয়ে অভিযান চলাই জব্দ কৰা সম্পত্তিৰ ভিতৰত ২.৪ কিলোগ্রাম সোণ, ৮৪ কিলোগ্রাম ৰূপ, ১৫ লাখ নগদ ধন, হার্লি ডেভিদছন, কেইবাখনো বিলাসী গাড়ী, তিনিটা পিষ্টল, এয়াৰগান আৰু এটা ঘোঁৰা জব্দ কৰিবলৈ সক্ষম হয়৷

ৰাজ্যখনৰ অনন্তপুৰ জিলাৰ বালাপ্পাত এই অভিযান চলাই আৰক্ষীয়ে বৃহৎ পৰিমাণৰ সা–সামগ্রী জব্দ কৰিছে যদিও এতিয়ালৈকে বিষয়াগৰাকীৰ তথ্য আনুষ্ঠানিকভাৱে প্রকাশ কৰা নাই৷ তথ্য মতে, ২০০৬ চনত আকস্মিকভাৱে কর্মৰত অৱস্থাতে কনিষ্টবল পিতৃৰ মৃত্যু ঘটাত উক্ত বিষয়াজনে কোষাগাৰ বিভাগত চাকৰি লাভ কৰিছে৷

মাত্র ১৪ বছৰতে বিষয়াজনে দুর্নীতি আৰু অনিয়মেৰে বৃহৎ পৰিমাণৰ ধন–সোণ উপার্জন কৰাৰ লগতে মাৰণাস্ত্রও ক্রয় কৰিছে৷ অনন্তপুৰ জিলাৰ আৰক্ষী অধীক্ষক সত্য য়েছুবাবুৱে প্রকাশ কৰা মতে, এই গোচৰটো দুর্নীতিবিৰোধী বিভাগৰ হাতত অর্পণ কৰা হ’ব আৰু ইয়াৰ উচিত তদন্ত কৰিব৷

You might also like