প্রচণ্ড খৰাঙৰ কবলত পৰিছে সমগ্র লখিমপুৰ জিলা৷ বিগত অক্টোবৰ মাহৰ পৰাই বৰষুণ নোহোৱাৰ ফলত এতিয়া সমগ্র জিলাখনৰ চৌদিশে এক মৰুসদৃশ পৰিৱেশ বিৰাজ কৰিছে৷ যাৰ ফলত অধিকাংশ কৃষিৰ ওপৰত নির্ভৰশীল লখিমপুৰ জিলাৰ সর্বসাধাৰণ ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ৰবিশস্য চপাই, খাৰিফ খেতি আৰম্ভ কৰাৰ ভৰপূৰ সময় হৈ পৰিছে যদিও বিগত পাঁচ-ছয় মাহৰ পৰাই জিলাখনত এটোপালো বৰষুণৰ পানী নপৰাৰ ফলত খাৰিফ খেতি আৰম্ভ কৰাৰ দূৰৰে কথা, এইবাৰ খেতিয়কসকলে বাৰী, পথাৰৰ ৰবি শস্য শুকাই মৰহি যোৱাৰ বাবে বছৰটোৰ বাবে খাদ্যশস্য যোগাৰ কৰিব নোৱাৰত পৰিছে৷
কেৱল ইমানেই নহয়, খৰাঙৰ কবলত পৰি গাঁৱৰ কৃষক ৰাইজৰ বাৰীৰ তামোল-পাণৰ কথা বাদেই, বাঁহনিৰ জোপাই জোপাই বাঁহ শুকাই মৰহি গৈছে৷ এই খৰাঙৰ ফলত সবাতোকৈ বেছি ক্ষতিগ্রস্ত হৈছে জিলাখনৰ ক্ষুদ্র চাহ খেতিয়কসকল৷ চাহ খেতিৰ জৰিয়তে নিজৰ লগতে অন্য লোকৰো জীৱন-জীৱিকাৰ সংস্থাপন কৰিবলৈ সক্ষম হোৱা ক্ষুদ্র চাহ খেতিয়কসকলে খৰাঙৰ ফলত এতিয়া নিজেই সংস্থাপনহীন হ’বলৈ আগবাঢ়ি গৈছে৷ দীঘলীয়া খৰাঙৰ ফলত পানী যোগানৰ ব্যৱস্থা নথকা অধিকাংশ ক্ষুদ্র চাহ খেতিয়কৰ চাহ বাগিচাসমূহৰ চাহগছসমূহ শুকাই মৰহি গৈছে৷ যাৰ ফলত বহু কষ্টেৰে উৎপাদন কৰিব পৰাকৈ যতনেৰে ডাঙৰ-দীঘল কৰা চাহগছসমূহ এনেদৰে ঠৰঙা লাগি শুকাই মৰহি যোৱা দেখি দুখ-হতাশাত ভাগি পৰা ক্ষুদ্র চাহ খেতিয়কসকলৰ বাবে তাৰ বাদে অন্য একো উপায় হাতত নাই৷
কিয়নো, প্রতিবছৰে উৎপাদিত প্রতি কেজি কেঁচা চাহপাতৰ বিপৰীতে চৰকাৰক কৰ দি ৰাজ্যৰ আর্থিক দিশ টনকিয়াল কৰা এইসকল ক্ষুদ্র চাহ খেতিয়কৰ এনে দুর্যোগৰ সময়ত সহায়ৰ হাত আগবঢ়াবলৈ কোনো নাই৷ কৃষি বিভাগৰ আয়ত্তৰ বাহিৰত থকা এইসকল ক্ষুদ্র চাহ খেতিয়কক না ৰাজ্য চৰকাৰে গুৰুত্ব দিয়ে, না উদ্যোগ বিভাগে গুৰুত্ব দিছে, না চাহ খেতিয়কসকলৰ বাবে থকা বিয়াগোম চাহ ব’র্ডে ৷ এইক্ষেত্রত বিশেষকৈ অধিক ক্ষতিগ্রস্ত হৈ পৰিছে পাহাৰৰ দাঁতিকাষৰীয়া বা খেতিৰ অনুপযোগী ওখ ঠাইত থকা চাহ বাগিচাসমূহ৷ যাৰ ফলত সমাগত দিনত কেঁচা চাহ উৎপাদনত ব্যাপক প্রভাৱ পৰাটো নিশ্চিত হৈ পৰিছে৷
নিয়মীয়া বার্তা, বগীনদী, ১৯ ফেব্রুৱাৰী :