নিয়মীয়া বাৰ্তা, দৌলাশাল, ১৬ নৱেম্বৰ : ৰাজ্যত পুনৰ সংঘটিত হৈছে এনকাউন্টাৰৰ ঘটনা। এইবাৰ ড্ৰাগছ মাফিয়াক লক্ষ্য কৰি বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীয়ে চলাবলগীয়া হয় গুলী। বৰপেটা জিলাৰ মাইলকুছিৰ আনোৱাৰ হুছেইন (৩২)ক লক্ষ্য কৰি আৰক্ষীয়ে চলায় গুলী। কালি নিশা আৰক্ষীৰ হাতৰ পৰা ড্ৰাগছ মাফিয়া আনোৱাৰ হুছেইনে পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে চলায় গুলী। নিশা প্ৰায় ২ বজাত সংঘটিত হয় এই এনকাউন্টাৰৰ ঘটনা।
উল্লেখ্য যে যোৱা ৬ নৱেম্বৰত তাৰাবাৰী আৰক্ষীয়ে এএছ-০১জিই-৩৯৬৯ নম্বৰৰ ৰঙা ৰঙৰ এল্টো বাহনৰ পৰা ১১টাকৈ সন্দেহযুক্ত হেৰ’ইনভৰ্তি চাবোনৰ বাকচ জব্দ কৰিছিল। জব্দ কৰা সন্দেহযুক্ত হেৰ’ইনখিনিৰ আনুমানিক বজাৰ মূল্য আছিল প্ৰায় ২৫ লাখ টকা। আৰক্ষীৰ অভিযানত ড্ৰাগছ কঢ়িয়াই অনা ৰঙা ৰঙৰ এল্টো বাহনখন এৰি পলায়ন কৰিছিল ড্ৰাগছ সৰবৰাহকাৰীৰ দলটোৱে। তাৰাবাৰী থানাত ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে ৫৮/২৫ নম্বৰত গোচৰ আৰু এনডিপিএছ আইন-১৯৮৫ৰ ২১(বি)/২৯ ধাৰাত ৰুজু হৈছিল গোচৰ। উক্ত গোচৰৰ ভিত্তিত ড্ৰাগছ সৰবৰাহত জড়িত ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰাখিছিল অভিযান। বৰপেটা জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তীব্ৰতৰ হৈ উঠিছিল ড্ৰাগছৰ বিৰুদ্ধে এই অভিযান।
ড্ৰাগছ সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগত তাৰাবাৰী আৰক্ষীয়ে কালি নিশা আটক কৰিছিল ড্ৰাগছ মাফিয়া আনোৱাৰ হুছেইনক। ধৃত আনোৱাৰ হুছেইনক জেৰা চলোৱাৰ পাছত ঘৰত ড্ৰাগছ থকা বুলি স্বীকাৰোক্তি দিয়ে আৰু আৰক্ষীয়ে ধৃত আনোৱাৰ হুছেইনক লগত লৈ ড্ৰাগছ জব্দ কৰিবলৈ গৈ থকাৰ সময়তে তাৰাবাৰী থানাৰ অন্তৰ্গত কাকধোৱাত ধৃত আনোৱাৰ হুছেইনে আৰক্ষীৰ হাতৰ পৰা পলায়নৰ চেষ্টা চলায়। আনোৱাৰ হুছেইনে আৰক্ষীক ঠেলা মাৰি পলায়ন কৰিবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে আনোৱাৰ হুছেইনক লক্ষ্য কৰি গুলী চলায় বুলি জানিব পৰা গৈছে। আৰক্ষীৰ গুলী আনোৱাৰ হুছেইনৰ বাঁওভৰিত লাগে। সম্প্ৰতি বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে গুলীবিদ্ধ আনোৱাৰ হুছেইন। আনহাতে, পালহাজীৰ ড্ৰাগছ মাফিয়া চানোৱাৰ কাজী আৰু মনোৱাৰ কাজী পলাতক হৈ থকা বুলি জানিব পৰা গৈছে।