নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিপাঝাৰৰ গৰুখুঁটি কৃষি প্রকল্পৰ সমীপত পুনৰ চৰকাৰী ভূমি দখল…

বিশেষ বাৰ্তা, ১৬ নৱেম্বৰ : ছিপাঝাৰৰ গৰুখুঁটি কৃষি প্রকল্পৰ সমীপত পুনৰ চৰকাৰী ভূমি বেদখল সন্দেহযুক্ত লোকৰ। চৰৰ খালী হৈ থকা ভূমিত পুনৰ চকু পৰিছে বেদখলকাৰীৰ।

বিগত কিছুদিনৰ পৰা প্ৰকল্পৰ সমীপত ঘৰ পৰ্যন্ত সাজিবলৈ লৈছে একাংশ সন্দেহযুক্ত লোকে। বিগত সময়ত খালী হৈ থকা ভূমিত এতিয়া গঢ়ি উঠিছে জুপুৰিসদৃশ ঘৰ। বেদখলকাৰীৰ পুনৰ আগ্ৰাসনক  লৈ এতিয়া ক্ষুব্ধ হৈ পৰিছে সচেতন ৰাইজৰ লগতে ছিপাঝাৰৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীও। জিলা প্ৰশাসনক শীঘ্ৰে এই বেদখল উচ্ছেদৰ নিৰ্দেশ দিছে বিধায়কগৰাকীয়ে।

You might also like