নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণতলীত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী

কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত সোণতলীৰ পুৰাণগাঁৱত আজি দুুপৰীয়া কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ নিৰ্দেশত সোণতলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হীৰকজ্যোতি মুদৈ আৰু এছ টি এফৰ যৌথ অভিযানত বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ সৰবৰাহকাৰী এটাক গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হয়৷

জানিব পৰা মতে, এছ টি এফ বাহিনী আৰু সোণতলী আৰক্ষীয়ে আজি দুপৰীয়া পুৰাণগাঁৱত যৌথভাৱে অভিযান চলায়৷ অভিযানকালত দলটোৱে ২৪টা চাবোনৰ বাকচভৰ্তি প্ৰায় ৩০০ গ্ৰাম ড্ৰাগছ জব্দ কৰাৰ লগতে নম্বৰবিহীন ই-ৰিক্সাসহ ৰংগেশ্বৰীপামৰ ৰবিউল হুছেইন (৩০) নামৰ সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হয়৷ জব্দ কৰা ড্ৰাগছখিনিৰ বজাৰ মূল্য আনুমানিক ৩০ লাখ টকা হ’ব ৷ ধৃত সৰবৰাহকাৰীটোক সোণতলী আৰক্ষীৰ জিম্মাত ৰাখি সোধা-পোছা অব্যাহত ৰাখিছে।

নিয়মীয়া বাৰ্তা, সোণতলী, ২৬ মাৰ্চ :

You might also like