নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰত মনোনয়ন প্ৰত্যাহাৰ সুৰজিৎ দলেৰ

মনোনয়ন প্ৰত্যাহাৰৰ আজিৰ অন্তিমটো দিনত লখিমপুৰত এজন প্ৰাৰ্থীয়ে তেওঁৰ মনোনয়ন প্ৰত্যাহাৰ কৰে। মনোনয়ন প্ৰত্যাহাৰ কৰা প্ৰাৰ্থী জন হল ৭৭নং ঢকুৱাখনা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী ৰূপে মনোনয়ন দাখিল কৰা সুৰজিৎ দলে। তেওঁ আজি মনোনয়ন প্রত্যাহাৰ কৰে।

উল্লেখ্য সুৰজিৎ দলে আছিল কংগ্রেছৰ প্ৰাৰ্থিত্বপ্ৰত্যাশী। কংগ্রেছৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছিল যদিও দলে প্ৰাৰ্থিত্ব নিদিয়াত তেও নিৰ্দলীয় হিচাপে মনোনয়ন দাখিল কৰিছিল যদিও মুৰকত আজি মনোনয়ন প্ৰত্যাহাৰ কৰে।

উল্লেখ্য ৭৭ নং ঢকুৱাখনা সমষ্টিৰ পৰা এইবাৰ এনডিএৰ নৱ দলে, কংগ্রেছৰ আনন্দ নৰহ, এছইউচিআইৰ জ্যোতিকা দলে আৰু নিৰ্দলীয় সুৰজিৎ দলে সহ চাৰিজনে মনোনয়ন দাখিল কৰিছিল।

আজি সুৰজিৎ দলেই মনোনয়ন প্ৰত্যাহাৰ কৰাত সমষ্টিটোত তিনিজন প্ৰতিদ্বন্দী প্ৰাৰ্থী বাকী ৰল। উল্লেখ্য লখিমপুৰ জিলাৰ পাঁচটা বিধান সভা সমষ্টিৰ পৰা এইবাৰ সৰ্বমুঠ ২৬জন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল।

আজি তাৰে এজনে মনোনয়ন প্রত্যাহাৰ কৰাত প্ৰতিদ্বন্দী প্ৰাৰ্থীৰ সংখ্যা ২৫জনলৈ হ্ৰাস পায়। সমাগত নিৰ্বাচনত জিলাখনত ২৫জন বিভিন্ন দল তথা নিৰ্দলীয় প্ৰাৰ্থীয়ে নিৰ্বাচনী যুজত নামিব।

বিশেষ বাৰ্তা, লখিমপুৰ, ২৬ মাৰ্চ

You might also like