নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ সৰবৰাহকাৰী আটক

নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰী : কালি নিশা আৰক্ষীৰ অভিযানত ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী ঝগৰাৰপাৰ তৃতীয় খণ্ডৰ পৰা বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰৰ টেমা আৰু নিচাযুক্ত টেবলেটসহ এজন ড্ৰাগছ সৰবৰাহকাৰী কৰায়ত্ত হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা অনুসৰি, এক গোপন তথ্যৰ ভিত্তিত যোৱানিশা ধুবুৰীৰ কলেজ নগৰ আৰক্ষী চকীৰ এটা দলে ঝগৰাৰপাৰ তৃতীয় খণ্ডৰ বাদশ্বাহ শেখ নামৰ লোক এজনৰ গৃহত অকস্মাতে এক অভিযান চলাইছিল। সেই অভিযানত বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰৰ টেমাকে ধৰি বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট উদ্ধাৰ কৰে আৰক্ষীয়ে। ড্ৰাগছখিনি জব্দ কৰাৰ সমান্তৰালকৈ ড্ৰাগছ সৰবৰাহকাৰী বাদশ্বাহকো আৰক্ষীয়ে আটক কৰা বুলি প্ৰকাশ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like