নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৩ মার্চৰ পিছত লোকসভা নির্বাচনৰ দিন ঘোষণা

🔹 কৃত্রিম বুদ্ধিমত্তা প্রয়োগৰ সিদ্ধান্ত নির্বাচন আয়োগৰ

বিশেষ বাৰ্তা, ২৪ ফেব্রুৱাৰী : দেশৰ নির্বাচন আয়োগে ২০২৪ লোকসভা নির্বাচনৰ দিন ঘোষণা কৰা নাই যদিও শাসকীয় বিজেপিকে ধৰি বিৰোধী দলসমূহে এই নির্বাচনৰ বাবে সাজু হৈ উঠিছে৷ মার্চৰ দ্বিতীয় সপ্তাহত যিকোনো মুহূর্ততে লোকসভা নির্বাচনৰ দিন ঘোষণা কৰা হ’ব বুলি নির্বাচন আয়োগৰ সূত্রত প্রকাশ পাইছে৷ সমাগত সাধাৰণ নির্বাচনক লৈ ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ প্রস্তুতি নিৰীক্ষণৰ প্রক্রিয়া চলি আছে৷ সম্প্রতি তামিলনাডুত নির্বাচন আয়োগৰ প্রতিনিধিয়ে লোকসভা নির্বাচনৰ প্রস্তুতিক লৈ পর্যালোচনা চলাই আছে৷ ইয়াৰ পিছতেই উত্তৰ প্রদেশ আৰু জম্মু–কাশ্মীৰলৈ যাব প্রতিনিধি দল৷ ইতিমধ্যে দেশৰ কেইবাখনো ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলত সাধাৰণ লোকসভা নির্বাচনৰ প্রস্তুতিক লৈ বুজ লৈছে আয়োগৰ প্রতিনিধিয়ে৷ ১৩ মার্চৰ পূর্বে সকলো ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ নির্বাচনৰ প্রস্তুতি সম্পূর্ণ হৈ উঠিব৷ ইয়াৰ পিছতেই ১৩ মার্চত লোকসভা নির্বাচনৰ দিন ঘোষণা কৰিব বুলি নির্বাচন আয়োগৰ শীর্ষ সূত্রত প্রকাশ পাইছে৷ বিগত কিছুদিন ধৰি মুখ্য নির্বাচন আয়ুক্তই নির্বাচনক লৈ সকলো ব্যৱস্থাৰ পর্যালোচনা চলাই আছে৷ লক্ষণীয় যে এইবেলি নির্বাচন স্বচ্ছ আৰু নিকা কৰাৰ লক্ষ্যৰে নির্বাচন আয়োগে কৃত্রিম বুদ্ধিমত্তা প্রযুক্তি মোতায়েন কৰিব৷ কৃত্রিম বুদ্ধিমত্তাৰ কাৰণে এটা সুকীয়া বিভাগ স্থাপন কৰিব৷ নির্বাচন আয়োগৰ পতাকাৰ মাজত কৃত্রিম বুদ্ধিমত্তাৰ প্রয়োগ ঘটাই সামাজিক মাধ্যম আৰু ডিজিটেল প্লেটফর্মত চলা ভুৱা তথ্য আঁতৰাই দিব৷ সামাজিক মাধ্যম আৰু ডিজিটেল প্লেটফর্মত ভুৱা তথ্য আৰু উচটনিমূলক বক্তব্য আঁতৰ কৰি স্বচ্ছ আৰু নিকা নির্বাচন কৰাৰ ক্ষেত্রত পদক্ষেপ ল’ব নির্বাচন আয়োগে৷ যদি কোনো দল কিম্বা প্রার্থীয়ে নির্বাচনৰ নিয়ম ধাৰাবাহিকভাৱে ভংগ কৰে, তেতিয়াহ’লে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব৷ এনে দল কিম্বা প্রার্থীয়ে ব্যৱহাৰ কৰা সামাজিক মাধ্যমৰ মঞ্চখন বন্ধ কৰি দিয়া হ’ব৷ উল্লেখ্য যে এইবেলি লোকসভা নির্বাচনত ৯৬.৮৮ কোটি ভোটাৰে নিজৰ অধিকাৰ সাব্যস্ত কৰিব৷

You might also like