নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড্ৰাগছ আসক্তি সামাজিক সমস্যা, ইয়াক নিৰ্মূল কৰিবলৈ সমাজ আগবাঢ়ি আহিব লাগে- ৰূপহীহাটত সজাগতা সভাত নগাঁৱৰ এছ পি লীনা দলে

নিয়মীয়া বাৰ্তা, ২৫ জুলাইঃ উত্তৰ নগাঁৱৰ একাংশ অঞ্চলত বিগত কিছু বছৰৰ পৰা ড্ৰাগছৰ এক ৰমৰমীয়া ব্যৱসায় গঢ়ি উঠিছে । যাৰ ফলত সামাজিক বাতাৱৰণৰ শৃংখলা বিঘ্নিত হোৱাৰ লগতে উঠি অহা প্ৰজন্মটোলৈ ভাবুকি আহিছে । এনে সময়ত প্ৰশাসনে প্ৰায় প্ৰতিটো দিনেই ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই সৰবৰাহকাৰী, সেৱনকাৰী আদি আটক কৰি আহিছে যদিও সামাজিক ব্যাধিটো হ্ৰাস হোৱা পৰিলক্ষিত হোৱা নাই । নিচাৰ এই মাৰাত্মক প্ৰাদূৰ্ভাৱ সকলোতে বিয়পি পৰাৰ সময়তে আজি নগাঁও জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত অনুষ্ঠিত হোৱা দুখনকৈ সজাগতা সভাত অংশ লয় ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ প্ৰয়াস কৰা দেখা যায় ।  এই  সন্দৰ্ভত আৰক্ষী অধীক্ষক লীনা দলেই কয় যে ড্ৰাগছ সেৱনৰ প্ৰৱণতা এক সামাজিক সমস্যাহে, ই কোনো অপৰাধমূলক কাৰ্য নহয় । সেয়ে এই সমস্যাটো সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ হলে সমাজখন আগবাঢ়ি আহিব লাগে । নতুন প্ৰজন্মৰ যুৱক-যুৱতীসকল বেছিকৈ এই নিচাৰ প্ৰতি আসক্ত হৈছে । গতিকে পৰিয়ালৰ লোকসকলে নিজৰ সন্তানৰ আচাৰ-ব্যৱহাৰ আৰু আচৰণ সন্দৰ্ভত সজাগ হোৱাৰ লগতে সমাজৰ সচেতন লোকসকলে সতৰ্কতা অৱলম্বন কৰিলে ইয়াক সমাধান কৰিব পৰা যাব । এইদৰে মাৰাত্মক ৰূপ ধাৰণ কৰা ড্ৰাগছৰ বেহা আৰু সেৱন সন্দৰ্ভত আজি আৰক্ষী অধীক্ষকে ৰাইজক সজাগ আহ্বান জনায় । ইয়াৰোপৰি  ড্ৰাগছৰ বিৰুদ্ধে ৰাইজে আৰক্ষীক অৱগত কৰাত সহায়ক হোৱাকৈ  শীঘ্ৰেই এটি হেল্পলাইন নম্বৰ মুকলি কৰাৰ কথাও জানিবলৈ দিয়ে আৰক্ষী অধীক্ষক দলেই ।

প্ৰেৰক জহিৰুল ইছলাম

You might also like