নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আধাৰ সংযুক্তকৰণেৰে ই-কেৱাইচি উন্নীতকৰণ প্ৰক্ৰিয়া শীঘ্ৰে সম্পূৰ্ণ কৰাৰ লক্ষ্যঃ গুৱাহাটী মহকুমা কৃষি উন্নয়ন বিষয়াৰ গ্ৰাহক সেৱা কেন্দ্ৰ পৰিদৰ্শন

নিয়মীয়া বাৰ্তা, ২৫ জুলাইঃ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ আধাৰ সংযুক্তকৰণেৰে ই-কেৱাইচি উন্নীতকৰণ প্ৰক্ৰিয়া শীঘ্ৰে সম্পূৰ্ণ কৰাৰ লক্ষ্যৰে আজি কামৰূপ জিলা কৃষি বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত গেৰুৱা কৃষি উন্নয়ন চক্ৰৰ প্ৰায় ১১টা গ্ৰাহক সেৱা কেন্দ্ৰ পৰিদৰ্শন কৰে গুৱাহাটী মহকুমা কৃষি উন্নয়ন বিষয়া নৱজ্যোতি জগন্নাথ, গুৱাহাটী মহকুমা কৃষি উন্নয়ন বিষয়া (উদ্যান শস্য) হেমেন দাস সহিতে স্থানীয় কৃষি উন্নয়ন বিষয়াই। এই পৰিদৰ্শনৰ সময়চোৱাত হিতাধিকাৰী কৃষকসকলক উৎসাহিত কৰিবলৈ দধিপাৰাত তেওঁলোকে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰে। পৰিদৰ্শনৰ পিছত নিৰ্ধাৰিত সময়ৰ ভিতৰত ই-কে ৱাই চিৰ কাম সম্পূৰ্ণ হ’ব বুলি আশা প্ৰকাশ কৰে বিষয়াসকলে।

 

You might also like