নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত আৰক্ষীৰ গোপন অভিযানত গৰুভৰ্তি ৩খন গাড়ী জব্দ

নিয়মীয়া বাৰ্তা,  ২৫ জুলাই: ৰঙিয়াত আজি আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি এক অভিযান চলাই চলাই গৰু ভৰ্তি ৩ খন গাড়ী জব্দ কৰে । গাড়ীকেইখনৰ পৰা ৩৭ টা গৰু উদ্ধাৰ কৰা হয় ।  বাইহাটা চাৰিআলিৰ বালিকুছিৰ পৰা বৰপেটাৰ বহৰীলৈ নিয়া অৱস্থাত এ এছ ১৫ এ চি ৫৫৯৩, এ এছ ২৫ ডি চি ৯০৮২ আৰু এ এছ ২৫ ই চি ১৩৬৭ নম্বৰৰ গৰু ভৰ্তি গাড়ী কেইখন জব্দ কৰে । পশুধনৰ প্ৰতি নিষ্ঠুৰতা নিবাৰণ আইন উলংঘা কৰি প্ৰতিখন গাড়ীতেই দহটাতকৈ অধিক গৰু কঢ়িয়াই অনা হৈছিল । আনহাতে গাড়ীকেইখনৰ এখন জিলাৰ পৰা আন এখন জিলালৈ নিয়াৰ অনুমতি নাই বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে । আনহাতে জব্দ কৰা গাড়ী কেইখনৰ চালক ক্ৰমে তুলসীবাৰীৰ কমল আলী , ৰফিকুল খান আৰু ফজল খানক আৰক্ষীয়ে আটক কৰে । অধিক তথ্যৰ বাবে বৰ্তমান আৰক্ষীয়ে তিনিওজনকে ৰঙিয়া থানাত সোধা-পোছা কৰি আছে ।

প্ৰেৰক ফাৰুক হুছেইন

You might also like