নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড্রাগ্ছ আসক্তৰ পুনৰ সংস্থাপনত সংহত নীতিৰ খচৰা প্রস্তুতৰ নির্দেশ মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা ৩০ জুলাইঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি জনতা ভৱনস্থিত মুখ্যমন্ত্রীৰ সভাকক্ষত ড্রাগ্ছ প্রতিৰোধী ৰাজ্যিক পর্যায়ৰ সমন্বয়ৰক্ষী এজেঞ্চী (এছএলচিএ)ৰ লগতে ১২টা ব্যক্তিগত খণ্ডৰ পুনৰ সংস্থাপন কেন্দ্রৰ প্রতিনিধিৰ সৈতে এখন বৈঠকত মিলিত হৈ ৰাজ্যখনত ড্রাগ্ছ আসক্তৰ পুনৰ সংস্থাপনৰ বিভিন্ন দিশ বিতংভাৱে আলোচনা কৰে৷ ৰাজ্যখনত ড্রাগ্ছ আসক্তসকলৰ বাবে পুনৰ সংস্থাপনৰ এক সংহত নীতি নথকাৰ পৰিপ্রেক্ষিতত মুখ্যমন্ত্রী ড০ শর্মাই স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ তথা সমাজ কল্যাণ বিভাগক পুনৰ সংস্থাপনৰ এক সংহত নীতিৰ খচৰা অতিশীঘ্রে প্রস্তুত কৰাৰ পদক্ষেপ ল’বলৈ নির্দেশ দিয়ে৷

এই নীতি প্রস্তুত কৰোঁতে ড্রাগ্ছ আসক্তি মুক্ত কৰা বিভিন্ন সংস্থাৰ প্রতিনিধিসকলৰ সৈতে আলোচনা কৰি এই সংস্থাসমূহৰ পৰামর্শসমূহ অন্তর্ভুক্ত কৰাৰ বাবেও তেওঁ নির্দেশ দিয়ে, যাতে ৰাজ্য চৰকাৰে এই দিশত সঠিকভাৱে পদক্ষেপ ল’ব পাৰে৷ ড্রাগ্ছ আসক্তসকলক আসক্তিমুক্ত কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে৷ বৈঠকত মুখ্যমন্ত্রীয়ে ড্রাগ্ছ আসক্তিমুক্ত তথা পুনৰ সংস্থাপনৰ লগত জডিত বিভিন্ন সংস্থাৰ কাম–কাজসমূহ পর্যালোচনা কৰি এই দিশত যাতে সঠিক পদক্ষেপ ল’ব পৰা যায় তাৰ বাবে এক নিয়ামক কর্তৃপক্ষ গঠন কৰি সংশ্লিষ্ট সকলো সংস্থাৰ পঞ্জীয়নৰ ব্যৱস্থা কৰিবলৈও নির্দেশ দিয়ে৷ আজিৰ এই বৈঠকত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্রধান সচিব অনুৰাগ গোৱেল, সমাজ কল্যাণ বিভাগৰ সচিব পার্থ মজুমদাৰ, সমাজ কল্যাণ বিভাগৰ সঞ্চালক বিভাস মোদী তথা পুনৰ সংস্থাপন কেন্দ্রসমূহৰ প্রতিনিধিসকলে অংশগ্রহণ কৰে৷

You might also like