নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইবাৰৰ মেট্রিকৰ ৰিজাল্টৰ বৰ বিশেষ ভেল্যু নাইঃ মুখ্যমন্ত্ৰী ড০ শৰ্মা

নিয়মীয়া বাৰ্তা ৩০ জুলাইঃ ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে বাতিল হোৱা মেট্রিক পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হয়৷ বিদ্যালয় মূল্যায়ন কমিটী আৰু জিলাভিত্তিক পুনৰীক্ষণ কমিটীয়ে যুটীয়াভাৱে কৰা মূল্যায়নৰ ভিত্তিত ফলাফলসমূহ ঘোষণা কৰা হয়৷

আজি মেট্রিক পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ পাছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিগৰাকী শিক্ষাৰ্থীক অভিনন্দন জনায়। লগতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই সংবাদমাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত কয়- “এইবাৰৰ ৰিজাল্টৰ বৰ বিশেষ ভেল্যু নাই। ল’ৰাবিলাকে পাছ কৰিছে মই সিহঁতক এটায়ে কথা কম যে পৰীক্ষা হোৱা নাই পাছ কৰিছে, উচ্চতৰ মাধ্যমিকৰ বছৰ দুটা যাতে ভালকৈ পঢ়া-শুনা কৰে। এই ৰিজাল্টৰ চৰকাৰী ভেল্যু আছে কিন্তু ছাত্ৰ-ছাত্ৰীৰ আত্মাৰ ফালৰ পৰাটো একো ভেল্যু নাই। কিয়নো যিজন ছাত্ৰ বা ছাত্ৰীয়ে পাব লাগিছিল ৭০ নম্বৰ, পালে ১০০ নম্বৰ। গতিকে এই ৰিজাল্টক লৈ আত্মসন্তুষ্টি নলৈ, দুখ বা সুখ নকৰি তেওঁলোকে উচ্চতৰ মাধ্যমিকৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষত যাতে খুব মনোযোগেৰে পঢ়ে, তাৰবাবে মই ছাত্ৰ-ছাত্ৰীসকলক অনুৰোধ জনাইছোঁ।”

উল্লেখ্য যে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৮,৫২১ জনে প্ৰথম স্থান, দ্বিতীয় স্থান ১,৬০,২৯৮ জনে লাভ কৰাৰ বিপৰীতে তৃতীয় স্থান লাভ কৰিছে ১,৪৮,৩১৩ জন ছাত্ৰ-ছাত্ৰীয়ে।

You might also like