নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডুমডুমাত জীৱন্তে অগ্ণিদগ্ধ হৈ স্বামী–স্ত্রীৰ মৃত্যু

হিলিকা বাগিচাত নিশা ভয়ংকৰ কাণ্ড

নিয়মীয়া বাৰ্তা ১১ জানুৱাৰীঃ ডুমডুমা আৰক্ষী থানাৰ অন্তর্গত হিলিকা চাহ বাগিচাত যোৱানিশা সংঘটিত হোৱা এক ভয়ংকৰ অগ্ণিকাণ্ডত জীৱন্তে অগ্ণিদগ্ধ হৈ এহাল স্বামী–স্ত্রীয়ে কৰুণ মৃত্যুক সাবটি লোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে৷ ডুমডুমাৰ সমীপৰ হিলিকা চাহ বাগিচাৰ পুৰণা লাইনত বসবাস কৰা মহেশ ভূমিজ নামৰ ব্যক্তিজনৰ ঘৰত যোৱানিশা ভয়ংকৰ অগ্ণিকাণ্ড সংঘটিত হয়৷ নিশা শুই থকা অৱস্থাত সংঘটিত অগ্ণিকাণ্ডটোত মহেশ ভূমিজৰ লগতে পত্নী মণিকা ভূমিজ জীৱন্তে অগ্ণিদগ্ধ হৈ মৃত্যুক সাবটি লয়৷ এই ঘটনা সংঘটিত হোৱাৰ পাছত ঘটনাস্থলীত ডুমডুমা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও এই ভয়ংকৰ অগ্ণিকাণ্ড কিদৰে সংঘটিত হ’বলৈ পালে, তাৰ কাৰণ বাতৰি লিখা পৰলৈকে জানিব পৰা হোৱা নাই৷ অৰক্ষীয়ে ইতিমধ্যে দুয়োটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়ালৈ প্রেৰণ কৰিছে৷ আনহাতে, এই ঘটনাই সমগ্র হিলিকা চাহ বাগিচাখনত গভীৰ শোকৰ ছাঁ পেলাইছে৷ উল্লেখ্য যে মৃত মহেশ ভূমিজৰ পুত্র–বোৱাৰী আছে যদিও ভস্মীভূত হোৱা গৃহটোত অকল স্বামী–স্ত্রীয়ে বসবাস কৰিছিল৷

You might also like