নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্রপুৰ–হাতীশিলাত বনভোজ থলীত মাতাল যুৱকৰ উদ্ভণ্ডালি

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ নৱবর্ষৰ দ্বিতীয়টো দেওবাৰে অর্থাৎ  চন্দ্রপুৰ আৰু পানীখাইতীৰ বনভোজথলীসমূহত বনভোজ দলৰ অভাৱনীয় ভিৰ হয়৷ বনভোজ দলসমূহে এসাঁজ লগভাত খোৱাৰ আমেজ লোৱাৰ সময়তে কেইবাটাও বনভোজথলীত মাৰপিটৰ ঘটনা সংঘটিত হয়৷ মাৰপিটৰ এই ঘটনাত একাধিক লোক আহত হোৱাৰ লগতে কেইবাখনো বাহন ক্ষতিগ্রস্ত হোৱা বুলি জানিব পৰা গৈছে৷

প্রাপ্ত তথ্য অনুসৰি, হাতীশিলাত দুটা বনভোজ দলৰ মাজত প্রচণ্ড মাৰপিট হয়৷ এই ঘটনাত হাতীশিলা বনভোজস্থলী পৰিচালনাৰ দায়িত্বত থকা যুৱক এজনো আহত হয়৷ আনহাতে, তপোবন বনভোজথলীতো দুটা দলৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হয়৷ একেদৰে, ঠাকুৰকুছি লেভেল ক্রছিঙৰ সমীপত দুটা দলৰ বাহন সামান্য খুন্দাখুন্দি লগাৰ ফলত আন এক মাৰপিটৰ ঘটনা সংঘটিত হয়৷

জানিব পৰা মতে, এই মাৰপিটৰ ঘটনা সন্দর্ভত প্রাগজ্যোতিষপুৰ থানাত এটা গোচৰ ৰুজু হৈছে৷ ৰহস্যজনকভাৱে এই ঘটনাটো গাপ দিয়াৰ চেষ্টা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে পানীখাইতী আৰক্ষীৰ বিৰুদ্ধে৷

You might also like