নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন মুখ্য ন্যায়াধীশ সুধাংশু ঢুলীয়াৰ শপত

গুৱাহাটী হাইক’ট

নিয়মীয়া বাৰ্তা ১১ জানুৱাৰীঃ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে দেওবাৰে শপতগ্রহণ কৰে ন্যায়াধীশ সুধাংশু ঢুলীয়াই৷ ৰাজভৱনৰ দৰবাৰ হলত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত উচ্চ ন্যায়ালয়ৰ ভাৰপ্রাপ্ত মুখ্য ন্যায়াধীশ এন কে সিঙে শপতবাক্য পাঠ কৰোৱায় ন্যায়াধীশ ঢুলীয়াক৷ এই অনুষ্ঠানত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, আইন আৰু ন্যায়মন্ত্রী সিদ্ধার্থ ভট্টাচার্য, মুখ্যমন্ত্রীৰ আইন উপদেষ্টা শান্তনু ভৰালী, ৰাজ্য চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা, অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তকে ধৰি বহুসংখ্যক উচ্চপদস্থ বিষয়ববীয়া উপস্থিত থাকে৷ উল্লেখ্য যে ন্যায়াধীশ অজয় লাম্বাই অৱসৰ গ্রহণ কৰাৰ পাছত খালী হৈ আছিল মুখ্য ন্যায়াধীশৰ পদ৷ এই সময়ছোৱাত ভাৰপ্রাপ্ত মুখ্য ন্যায়াধীশ হিচাপে দায়িত্বভাৰ গ্রহণ কৰিছিল ন্যায়াধীশ এন কে সিঙে৷ যোৱা ৭ জানুৱাৰীত ৰাষ্ট্রপতিৰ অনুমোদনমর্মে কেন্দ্রীয় আইন আৰু ন্যায় মন্ত্রালয়ে ঢুলীয়াক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়ে৷ নৱনিযুক্ত মুখ্য ন্যায়াধীশ ঢুলীয়া আছিল উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ দ্বিতীয় জ্যেষ্ঠতম ন্যায়াধীশ৷ ১৯৮৬ চনত তেওঁ এলাহাবাদ উচ্চ ন্যায়ালয়ত অধিবক্তা হিচাপে কর্মজীৱন আৰম্ভ কৰিছিল৷ পৰৱর্তী সময়ত তেওঁ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ত ওকালতি কৰিবলৈ আৰম্ভ কৰে৷ ২০০৪ চনত জ্যেষ্ঠ অধিবক্তা হিচাপে স্বীকৃতি লাভ কৰা ন্যায়াধীশ ঢুলীয়াই ২০০৮ চনৰ ১ নৱেম্বৰত উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ ৰূপে নিযুক্তি লাভ কৰিছিল৷

You might also like