নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰভূঁইকঁপ! ক’ত কি কি ঘটনাৰ সাক্ষী হ’ল অসমবাসী, হতাহত কিমান?

নিয়মীয়া বাৰ্তা, ২৮ এপ্ৰিলঃ ক’ভিডৰ আতংকৰ মাজতে ৰাজ্যবাসী সন্মুখীন হ’ল এক ডাঙৰ ভূমিকম্পৰ। ১৮৯৭ বা ১৯৫০ৰ ভূমিকম্পৰ তুলনাত কিছু সৰু হ’লেও ই কঁপাই দিয়ে সমগ্ৰ অসম। এই ভূমিকম্পৰ ফলত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহিছে নানা খবৰ।

ভূমিকম্পৰ ফলত ঘটে এনে ঘটনা

  • ভূমিকেন্দ্ৰৰ অভিকেন্দ্ৰ ঢেকীয়াজুলিৰ পথাৰত মাটি ফুটি হোৰাহৰে পানী ওলাই পথাৰ বোকাময় কৰি তোলে।
  • ওদালগুৰি জিলাৰ বনভোজথলী ভৈৰৱকুণ্ডৰ সুউচ্চ পাহাৰ খহি পৰে।
  • ভূমিকেন্দ্ৰৰ অভিকেন্দ্ৰ ঢেকীয়াজুলিৰ তৰাজানৰ গড়জুলি নৈৰ শুকান পৃষ্ঠ ভৰি পৰে পানীৰে।
  • কামৰূপৰ আমিনগাঁৱৰ মৈৰাপট্টিৰ এঘৰ লোকৰ কুৱাৰ এটা ৰিং ভূমিকম্পৰ ফলত ওপৰলৈ উঠি আহে আৰু উক্ত ঠাইৰ ভূমিত ফাট মেলা দেখা যায়।
  • নগাঁৱৰ কাঠমিলত এটা চাৰিমহলীয়া অট্টালিকা হাউলী পৰে।
  • পুৰণিগুদামৰ মহামৃত্যঞ্জয় মন্দিৰত বৃহৎ ফাট। নৱনিৰ্মিত বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ লিংগাকাৰ মন্দিৰত স্পষ্ট হয় এই বৃহৎ ফাট।
  • উলুবাৰীৰ ‘Signature estates infinity’ এপাৰ্টমেণ্টৰ এটা ফ্লেটৰ ওপৰৰ ছাদত থকা পানীটেংকীৰ বেৰ ভঙাৰ লগতে ওপৰৰ ছাদত ফাট মেলাত পানীৰে ভৰি পৰে ফ্লেট।
  • গণেশগুৰিৰ বি কে টাৱাৰ, দিছপুৰ হাস্পতালৰ দেৱালত ফাট, উমানন্দ মন্দিৰৰ দেৱালত ফাট, হোটেল তাজ ভিভান্তা কিছু পৰিমাণে ক্ষতিগ্ৰস্ত হয়। ইয়াৰ লগতে ৰাজ্যৰ ভিন্ন বাসগৃহ কম-বেছি পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে।

ভূমিকম্পৰ ফলত হতাহত

  • ভূমিকম্পৰ ফলত চন্দ্ৰপুৰৰ প্ৰসন্ন কলিতা নামৰ এগৰাকী ৭০ৰ ঊৰ্ধ্বৰ লোকৰ হাৰ্ট এটাক হৈ মৃত্যু।
  • ভূমিকম্পৰ ভয়ত তিনিমহলীয়াৰ পৰা জঁপিয়াই প্ৰাণৰক্ষাৰ চেষ্টা কৰিবলৈ গৈ প্ৰাণৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে গুৱাহাটীৰ কালাপাহাৰৰ যুৱক খনীন্দ্ৰ ডেকাই। সম্প্ৰতি তেওঁ চিকিতসাধীন।
  • ভেটাপাৰাৰ ছবিৰুল হুছেইন নামৰ ২৮ বছৰীয়া এগৰাকী যুৱকৰ মূৰত ছাদৰ অংশবিশেষ খহি পৰাত গুৰুতৰভাৱে আহত হয়।
  • ছিপাঝাৰৰ চকৰিপাৰ গাঁৱত চৰকাৰী ঘৰ ভাঙি আঘাতপ্ৰাপ্ত উমাকান্ত ডেকা নামৰ এজন লোক। তেওঁ শুই থকা অৱস্থাতে ভূঁইকঁপত খহি পৰে ঘৰৰ মূধচ।
  • ভূমিকম্পৰ সময়ত আঘাতপ্ৰাপ্ত হয় অভিনেত্ৰী মাধুৰিমা চৌধুৰী। ভূমিকম্পত আতংকিত হৈ দৌৰতে পিছলি পৰে চৌধুৰী। ফলত হাত ভাঙে চৌধুৰীৰ।
You might also like