নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাতে হাতে ঘোলা পানীৰ বটলঃ ভূঁইকঁপৰ ফলত ভূগৰ্ভৰ পৰা ওলোৱা পানী পৱিত্ৰ!

নিয়মীয়া বাৰ্তা, ২৮ এপ্ৰিলঃ ভূমিকম্পৰ কাৰণক লৈ থকা নানা কল্পকাহিনীৰ বিষয়ে সকলোৱে জ্ঞাত। কিন্তু আধুনিক বিজ্ঞানৰ দৃষ্টিকোণে এনে কল্পকাহিনী বা আখ্যানক দূৰতে বিদূৰ কৰি প্ৰায়ভাগ শিক্ষিতৰে মনত ভূমিকম্পৰ বৈজ্ঞানিক ব্যাখ্যা উপলব্ধ কৰিছে।

তথাপি যেন বিজ্ঞান আজিও অন্ধবিশ্বাসৰ হাতত কিছু পৰিমাণে পৰাস্ত। আজি পুৱাৰ ভাগত অহা বৰভূঁইকঁপৰ পিছত দেখা গ’ল তেনেই এক দৃশ্য।

তেজপুৰৰ ঘগৰা অঞ্চলত আজি ভূমিকম্পৰ ফলত মাটি ফুটি ওলোৱা পানী সংগ্ৰহ কৰে বহুতে। কাৰণ এই পানী পাতালৰ পৰা অহা পানী আৰু ই পৱিত্ৰ, সেয়ে ইয়াক মন্দিৰত ছটিয়ালে ভূমিকম্প সন্তুষ্ট হয় বুলি বিশ্বাস। এনে বিশ্বাসৰ বাবেই হাতত কলহ-কেটেলী লৈ বহুতে সংগ্ৰহ কৰে মাটিৰ তলৰ পানী। আনহাতে, ভূমিকম্প অহাৰ সময়তো প্ৰত্যক্ষ কৰা গৈছিল উৰুলি দিয়া দৃশ্য।

কিন্তু ভূমিকম্পৰ এটা অন্যতম বৈজ্ঞানিক ব্যাখ্যা হ’ল পৃথিৱীৰ অভ্যন্তৰত হোৱা বিৱৰ্তনিক আন্দোলনৰ কাৰণে  ভূগৰ্ভত হোৱা ঘৰ্ষণ, যাৰ ফলত ভূপৃষ্ঠত জোকাৰণি হয়। সেয়ে ভংগিল পৰ্বত বা গ্ৰস্ত উপত্যকা থকা অঞ্চলত ভূমিকম্প হয়।

You might also like