নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অর্ডাৰ দিছিল আপেল, অনলাইন ডেলিভাৰিত আহিল এপলৰ আইফোন!

 

এটা বস্তু অনলাইন অৰ্ডাৰ কৰাৰ পাছত আন এটা বস্তু লাভ কৰাৰ অভিজ্ঞতা বহুতৰে আছে। আনকি স্মাৰ্টফোনৰ সলনি গ্ৰাহকৰ ঘৰলৈ শিলও আহিছে। কিন্তু আপেল অৰ্ডাৰ কৰি এপলৰ আইফোন অহাটো কি বুলিব আপুনি?

শেহতীয়াকৈ এজন ব্ৰিটিছ ব্যক্তিৰ সৈতে একে ধৰণৰ ঘটনা সংঘটিত হৈছিল। নিক জেমছ নামৰ লোকজনে বিভিন্ন গ্ৰোচাৰী দোকানৰ সামগ্ৰীৰ সৈতে কেইটামান আপেল অৰ্ডাৰ দিছিল। কিন্তু যেতিয়া ডেলিভাৰী ল’ৰাটো আহিল, জেমছে বেগটোৰ ভিতৰত এটা এপল ফোন দেখিলে। যাৰবাবে স্বাভাৱিকতে আচৰিত হৈছিল জেমছ।

প্ৰথমে তেওঁৰ বিশ্বাস হোৱা নাছিল কিন্তু যেতিয়া তেওঁ সঁচাকৈয়ে অনুভৱ কৰিলে যে এপল ফোন পাইছে, পাছত আপেলৰ সলনি আইফোন ডেলিভাৰী দিয়া হৈছে বুলি বিশ্বাস হয়।

অৱশ্যে পাছত গম পোৱা গৈছিল যে জেমছে সামগ্ৰীবোৰ অৰ্ডাৰ কৰা দোকানখনৰ পৰা এক বিশেষ আঁচনিত(স্কিম) তেওঁলৈ এই উপহাৰ প্ৰেৰণ কৰা হৈছিল।

 

 

You might also like