নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূমিকম্প অহাৰ সময়ত কিদৰে সুৰক্ষিত কৰিব নিজক

নিয়মীয়া বাৰ্তা, ২৮ এপ্ৰিলঃ আজি অসমক জোকাৰি গ’ল ৬.৪ ৰিখটাৰ স্কেলৰ ভূমিকম্পই। ৰাজ্যৰ বহু ঠাইত সা-সম্পত্তি ক্ষতিগ্ৰস্ত হোৱাৰ লগতে আহত হ’ল কেইবাগৰাকী লোক। এতিয়াও ভূমিকম্পৰ আতংক মাৰ যোৱা নাই বহুতৰ মনৰ পৰা।

ভূমিকম্প অহাৰ সময়ত আপোনাৰ কৰণীয় কি

  • ভূমিকম্প অহাৰ লগে লগে খালী আৰু মুকলি ঠাইত আশ্ৰয় লব লাগে।
  • যদি আপুনি উচ্চ অট্টালিকাত থাকে আৰু বাহিৰলৈ ওলাই যাব নোৱাৰে, খিৰিকী বা দেৱালৰ কাষত কোনো স্থিতি নোলোৱাকৈ কঠিন বীম বা মেজৰ তলত থাকিব।
  • আতংকিত নোহোৱাকৈ ধৈৰ্যসহকাৰে পৰিস্থিতিৰ মোকাবিলা কৰাৰ চেষ্টা কৰিব লাগে।
  • বহুমহলীয়া ভৱনত একে ঠাইতে বহুতো লোক একেলগে আশ্ৰয় ল’ব নালাগে।
  • সতৰ্কতামূলক ব্যৱস্থা হিচাপে চেলফোনত অগ্নিনিৰ্বাপক সেৱা আৰু প্ৰয়োজনীয় মোবাইল নম্বৰ ৰাখিব লাগে।
  • সোনকালে নামিবলৈ ভৱনৰ পৰা জঁপিয়াই দিয়া উচিত নহয়।
  • ভূমিকম্পৰ সময়ত সম্ভৱ হ’লে গাৰু বা আন যিকোনো কঠিন বস্তু, কোমল কাপোৰেৰে মূৰত ধৰি ৰাখিব লাগে।
  • গেছ আৰু বৈদ্যুতিক সংযোগৰ পৰা আঁতৰত আশ্ৰয় ল’ব লাগে।
  • অট্টালিকাৰ পৰা নামিবলৈ লিফট ব্যৱহাৰ কৰিব নালাগে।
  • যদি আপুনি ভূমিকম্পৰ সময়ত গাড়ীত থাকে, গাড়ীখন মুকলিত ৰখোৱা উচিত আৰু গাড়ীতে থকা ভাল। গাড়ী ৰাখিবলৈ খালী ঠাই নাপালে নিজে নামি অহা উচিত।
  • ভূমিকম্পৰ ঠিক পিছতে আন এটা সৰু ভূমিকম্প হ’লে কমেও এঘণ্টা সময় সুৰক্ষিত হোৱাৰ বাবে ৰ’ব লাগে।
You might also like