নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মূল্যায়ন এপক লৈ যুযুধান শিক্ষা বিভাগ–ঠিকাভিত্তিক শিক্ষক

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰ: ৰাজ্যৰ ৩৫ সহস্রাধিক ঠিকাভিত্তিক শিক্ষকৰ বার্ষিক মূল্যায়নৰ বাবে ৰাজ্য চৰকাৰে এপ ইনষ্টল কৰিবলৈ দিয়া নির্দেশনাক লৈ সৃষ্টি হোৱা জটিলতা এতিয়াও আঁতৰি যোৱা নাই৷ মূল্যায়ন এপক লৈ একপ্রকাৰ শিক্ষা বিভাগ আৰু ঠিকাভিত্তিক শিক্ষকসকলে যুযুধান স্থিতি গ্রহণ কৰা পৰিলক্ষিত হৈছে৷ ১০ বছৰ কাল সুখ্যাতিৰে চাকৰি কৰাৰ পাছত চৰকাৰে এপৰ জৰিয়তে যোগ্যতা নিৰূপণ কৰিবলৈ আৰম্ভ কৰা ব্যৱস্থা কোনো কাৰণতে মানি নলয় বুলি ঘোষণা কৰা ঠিকাভিত্তিক শিক্ষকসকলে আজি জিলাই জিলাই বিক্ষোভ প্রদর্শন কৰে৷ এই এপৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন জিলাত ঠিকাভিত্তিক শিক্ষকসকলে উপায়ুক্তক স্মাৰক–পত্র প্রদান কৰে৷ একে সময়তে ঠিকাভিত্তিক শিক্ষক সমাজে শীঘ্রে এই একপক্ষীয় ব্যৱস্থা প্রত্যাহাৰ কৰিবলৈও দাবী উত্থাপন কৰিছে৷ সমান্তৰালভাৱে সদৌ অসম প্রাথমিক টেট উত্তীর্ণ শিক্ষক সমাজে বিভাগীয় মন্ত্রীগৰাকীক শিক্ষকসকলৰ প্রতি মালিক আৰু ক্রীতদাসৰ আচৰণ পৰিহাৰ কৰি অভিভাৱক হিচাপে দায়িত্ব পালন কৰিবলৈ আহ্বান জনাইছে৷ একেদৰে ঠিকাভিত্তিক শিক্ষকসকলৰ সৈতে চৰকাৰে সম্পন্ন কৰা চুক্তিৰ সকলো দফা কার্যকৰী কৰিবলৈও শিক্ষক সমাজে দাবী জনাইছে৷ অন্যথা ঠিকাভিত্তিক শিক্ষকসকলে চাকৰি নিয়মীয়াকৰণৰ দাবীৰে এনে ভিত্তিহীন চুক্তি বাতিলৰ বাবে মাৰ বান্ধি থিয় দিব বুলিও সকীয়নি দিছে৷ এক বিবৃতিত শিক্ষক সমাজৰ সভাপতি ত্রৈলোক্য ডেকা আৰু সম্পাদকদ্বয় কুলজিৎ ঠাকুৰীয়া আৰু পার্থপ্রতিম গগৈয়ে চুক্তি অনুসৰি দিবলগীয়া সা–সুবিধা প্রদান কৰাত ব্যর্থ হোৱা বিভাগটোৱে কেৱল পাৰদর্শিতা মূল্যায়ন এপৰ বিষয়টোত খামুচি ধৰি নম্বৰকেন্দ্রিক ব্যৱস্থাৰ প্রলেপ দিব খোজাত শিক্ষকসকলে চূড়ান্ত অপমানবোধ কৰিছে৷ চৰকাৰখনৰ সদিচ্ছাৰ অভাৱক প্রকট কৰি বিভাগীয় মন্ত্রীগৰাকীয়েও বিভিন্ন সময়ত প্রকাশ কৰা মন্তব্যৰ জৰিয়তে তেওঁ যে মূল সমস্যাৰ পৰা পলায়নৰ সুযোগ বিচাৰিছে, তাকেই প্রমাণ কৰিছে৷ এই সন্দর্ভত তেওঁলোকে কয়– ‘এপ্রাইজেল সম্পর্কত শিক্ষকসকলে চৰকাৰক শ্রুতলিপি প্রদান কৰা বুলি আগবঢ়োৱা মন্তব্যত ক্ষুব্ধ হৈ পৰিছে ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষক সংগঠন সদৌ অসম প্রাথমিক টেট উত্তীর্ণ শিক্ষক সমাজ৷ কেৱল ঠিকাভিত্তিক শিক্ষকসকলক বৈষম্যমূলকভাৱে জাপি দিয়া এপ্রাইজেল এপত মূল্যায়ন দিবলৈ সমগ্র অসমৰ শিক্ষকসকলে অসন্মতি প্রকাশ কৰিছে বুলি স্পষ্ট ৰূপত জনোৱা হৈছে৷ গণতান্ত্রিক ব্যৱস্থা এটাত কোনো কাৰো শ্রুতলিপিত নচলে৷ কেৱল জনতাৰ মংগলৰ নীতিৰহে চলে৷ এনেদৰে বিষয় সন্দর্ভত শিক্ষকসকলৰ আত্মমর্যাদা হানিকাৰক কথা–বার্তাৰ পৰা বিভাগীয় মুৰব্বীগৰাকীক বিৰত থাকিবলৈও শিক্ষকসকলে আহ্বান জনাই আহিছে৷ যদিহে চুক্তিৰ মর্যাদা তেওঁ বুজে, তেন্তে বিভাগীয় মুৰব্বী হিচাপে সকলো দফা কার্যকৰী কৰক৷ অর্থাৎ নিয়মীয়া শিক্ষকৰ সমান সা–সুবিধা প্রদানৰ ব্যৱস্থা গ্রহণ কৰক৷ অন্যথা এই একপক্ষীয় চুক্তি বাতিল কৰিবলৈ আমি মুকলি প্রত্যাহ্বান জনাইছোঁ৷’ উল্লেখ্য যে আজি শেহতীয়াকৈ অনুষ্ঠিত কার্যনির্বাহক সভাৰ সিদ্ধান্তমর্মে শোণিতপুৰ, বঙাইগাঁও, দৰং, কামৰূপ আদিকে ধৰি বিভিন্ন জিলাত শিক্ষক সমাজৰ উদ্যোগত বৈষম্যমূলক এপৰ বিৰুদ্ধে স্মাৰক–পত্র উপায়ুক্তক প্রদান কৰা হয়৷ বিভাগীয় উদাসীনতাই যাতে শিক্ষকসকলক প্রতিবাদী কার্যসূচী গ্রহণ কৰিবলৈ বাধ্য নকৰে, তাৰ বাবে শিক্ষকসকলৰ আন্তৰিক আহ্বানৰ প্রতি সদিচ্ছা প্রকাশ কৰি শংকামুক্তভাৱে পাঠদানত বর্তি থাকিব পৰা পৰিৱেশ সৃষ্টি কৰিবলৈও সংগঠনটোৱে আহ্বান জনাইছে৷ একেই প্রসংগত তেওঁলোকে বিবৃতিত কয় যে ঠিকাভিত্তিক শিক্ষকসকলৰ সৈতে কৰা চুক্তিৰ অন্যান্য দফাসমূহ শিক্ষা বিভাগে বিগত দুই বছৰ ধৰি সম্পূর্ণৰূপে উলংঘন কৰি আহিছে৷ মেডিকেল ৰি–ইম্বার্ছমেণ্ট, মৃত্যুকালীন সা–সুবিধা, সময়ানুপাতিক মৰগীয়া বানচ আদি সাধাৰণ সুবিধাও চৰকাৰে প্রদান কৰাত চৰম ব্যর্থতা প্রদর্শন কৰিছে৷ সেয়েহে শীঘ্রে তেওঁলোকে এই বৈষম্যমূলক এপ প্রত্যাহাৰ কৰিবলৈ চৰকাৰলৈ দাবী জনাইছে৷

You might also like