নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

 শিক্ষামন্ত্রীৰ ঘোষণা : বিহুৰ আগে-পাছে ঘোষণা হ’ব মেট্রিকৰ ফলাফল

বিশেষ বাৰ্তা, ২ এপ্রিল : ব’হাগ বিহুৰ আনন্দ-উৎসৱৰ মাজতে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল৷ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কালি এই কথা ঘোষণা কৰি জানিবলৈ দিয়ে যে ফলাফল প্রকাশৰ বাবে ইতিমধ্যে সকলো প্রস্তুতি প্রায় সম্পূর্ণ হৈছে৷ ব’হাগ বিহুৰ আগে–পাছে ফলাফল ঘোষণা হ’ব পাৰে৷ উল্লেখ্য যে যোৱা ১৬ ফেব্রুৱাৰীৰ পৰা ৪ মার্চলৈ অনুষ্ঠিত হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা তথা মেট্রিক অন্তিম পৰীক্ষা৷ পৰৱর্তী সময়ত অনুষ্ঠিত নহয় মেট্রিক পৰীক্ষা৷ যাৰ বাবে এইবাৰৰ ফলাফলে যথেষ্ট উৎকণ্ঠাৰ সৃষ্টি কৰিছে৷ এইবাৰ মেট্রিকত ৪,২৫,৯৬৫গৰাকী পৰীক্ষার্থী অৱতীর্ণ হৈছে আৰু ৰাজ্যৰ ৯১৩টা কেন্দ্রত অনুষ্ঠিত হৈছিল পৰীক্ষা৷

 

You might also like