নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোকসভা নির্বাচন : ১৯, ২৬ এপ্রিল–৭ মে’ত বন্ধ ঘোষণা

বিশেষ বাৰ্তা, ২ এপ্রিল : সমাগত লোকসভা নির্বাচনৰ পৰিপ্রেক্ষিতত অহা ১৯ এপ্রিল, ২৬ এপ্রিল আৰু ৭ মে’ত এন আই এক্ট–১৮৮১ৰ অধীনত বন্ধ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে৷ এই সন্দর্ভত কালি সাধাৰণ প্রশাসন বিভাগে তিনিখন পৃথক অধিসূচনা জাৰি কৰে৷ অধিসূচনা অনুসৰি প্রথম পর্যায়ত নির্বাচন অনুষ্ঠিত হ’বলগীয়া কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্রুগড় আৰু যোৰহাট লোকসভা সমষ্টিৰ অন্তর্গত এলেকাৰ সকলো চৰকাৰী–বেচৰকাৰী কার্যালয়, পঞ্চায়তীৰাজ প্রতিষ্ঠান, স্থানীয় নগৰ নিকায়, শিক্ষানুষ্ঠান, বেংক, চাহ বাগিচা, উদ্যোগ আদিকে ধৰি ব্যৱসায়িক আৰু বাণিজ্যিক প্রতিষ্ঠান অহা ১৯ এপ্রিলত বন্ধ থাকিব৷ অনুৰূপ নির্দেশনা অহা ২৬ এপ্রিলত কার্যকৰী হ’ব দ্বিতীয় পর্যায়ত নির্বাচন অনুষ্ঠিতব্য দৰং–ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ সংসদীয় সমষ্টিৰ অধীনস্থ এলেকাৰ ক্ষেত্রত৷ তৃতীয় পর্যায়ত নির্বাচন অনুষ্ঠিত হ’বলগীয়া কোকৰাঝাৰ, ধুবুৰী, বৰপেটা আৰু গুৱাহাটী লোকসভা সমষ্টিৰ অন্তর্গত অঞ্চলত অহা ৭ মে’ত বন্ধৰ এই নির্দেশনা বলৱৎ হ’ব৷

You might also like