প্ৰথমস্থানপ্ৰাপ্ত ধৃতিৰাজক অভিনন্দন জনালে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
নিয়মীয়া বাৰ্তা, ৬জুনঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধ কৰাৰ লক্ষ্যৰে ঘোষণা কৰা লকডাউনৰ মাজতে আজি ঘোষণা কৰা হ’ল হাইস্কুল আৰু হাইমাদ্রাছা শিক্ষান্ত পৰীক্ষাৰ ফলাফল৷
সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৫৯৫ নম্বৰেৰে প্ৰথমস্থানত উজ্জলিল দৰঙৰ ছিপাঝাৰৰ ধৃতিৰাজ বাস্তৱ কলিতা । ধৃতিৰাজৰ পিতৃ-মাতৃৰ লগতে অঞ্চলটোৰ ৰাইজে আজি ধৃতিৰাজক লৈ গৌৰৱ অনুভৱ কৰিছে। আনহাতে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলোকে অভিনন্দন জ্ঞাপন কৰাৰ লগতে টুইটাৰযোগে প্ৰথমস্থানপ্ৰাপ্ত ধৃতিৰাজ বাস্তৱ কলিতাক অভিনন্দন জ্ঞাপন কৰে ।
Heartiest congratulations to Dhritiraj Bastav Kalita as he tops HSLC 2020 examinations by scoring 595 out of 600 marks.
Keep it up. You have a long way to go.
Keep shining ⭐✨Best wishes ? pic.twitter.com/6Gw3zq2jrC
— Himanta Biswa Sarma (@himantabiswa) June 6, 2020